পশ্চিম এছিয়াৰ যুদ্ধৰ বাবেহে শেহতীয়াকৈ ৰাজ্যত বিদ্যুৎ মাচুল সামান্য বৃদ্ধি পাইছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম এছিয়াৰ যুদ্ধৰ বাবেহে শেহতীয়াকৈ ৰাজ্যত বিদ্যুৎ মাচুল সামান্য বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে এই বৃদ্ধি ক্ষণস্থায়ী বুলিও উল্লেখ কৰিছে। আজি গুৱাহাটীৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ ক’ৰ সমিতিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত ক’ৰ সমিতিৰ এই বৈঠকত নতুন প্ৰভাৰী আৰু সহ-প্ৰভাৰীৰ উপস্থিতিত ৰাজ্যৰ স্বায়ত্ত শাসিত পৰিষদ, নিগম নিকায়ৰ নিৰ্বাচনকে ধৰি আন কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সভাত মিছিং স্বায়ত্ত শাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বিষয়েও আলোচনা কৰা হয়। এই নির্বাচন দলীয় প্রতীক চিহ্নত অনুষ্ঠিত নহয় বাবে দলীয় নেতৃত্ব নিৰপেক্ষ হৈ থাকিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে।

তেওঁ লগতে এপ্রিল-মে’ মাহত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও কয়। সেই অনুসৰি গুৱাহাটী পৌৰ নিগমকে ধৰি আন নিগম নিকায়ৰ নিৰ্বাচন সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰাৰ বাবে আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় বুলি উল্লেখ কৰে। তদুপৰি তেওঁ শিলচৰ পৌৰ নিগমৰ মেয়ৰ আৰু উপ-মেয়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াক কৰ্তৃত্ব প্ৰদান কৰাৰ কথাও প্ৰকাশ কৰে। এই বৈঠকৰ আন সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নতুন বিধায়কসকলৰ বাবে ১৯ আৰু ২০ ডিচেম্বৰত প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰাৰ কথাও জানিবলৈ দিয়ে।

ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বুলেট ট্ৰেইনৰ মানচিত্ৰত গুৱাহাটী সোমোৱাটো নিশ্চিত হোৱা বুলিও জনায়। সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শর্মাই কয় যে প্রধানমন্ত্ৰীয়ে গুৱাহাটীলৈ বুলেট ট্রেইন চলোৱাৰ সিদ্ধান্তত অনুমোদন জনাইছে। অৱশ্যে ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আজিৰ এই বৈঠকত ৰাজ্যিক প্ৰভাৰী মংগল পাণ্ডে, সহ-প্ৰভাৰীদ্বয় ফাংনৌন কন্যাক আৰু মনোজ টিগ্রা উত্তৰ-পূবৰ সহ সমন্বয়ক ৰাজীৱ বাববৰসহ আন জ্যেষ্ঠ নেতৃবৃন্দও উপস্থিত আছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।