ডিমা হাছাওৰ উমৰাংছ’ত নিৰ্মাণ হ’বলগীয়া জে কে লক্ষ্মী চিমেণ্ট উদ্যোগৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাওৰ উমৰাংছ’ত আজি ১,৮০০ কোটি টকাৰ প্ৰথম পৰ্যায়ৰ বিনিয়োগেৰে নিৰ্মাণ হ’বলগীয়া জে কে লক্ষ্মী চিমেণ্টৰ উৎপাদন উদ্যোগ এটাৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড০ শর্মাই কয় যে এই উদ্যোগটোৱে এহেজাৰৰো অধিক লোকৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। এই ঔদ্যোগিক প্ৰকল্পত ডিমা হাছাওৰ অৰ্থনৈতিক ৰূপান্তৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে ২০২৩ চনৰ শান্তি চুক্তিয়ে অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। আজি তাৰেই ইতিবাচক ফলাফল দৃশ্যমান হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ভাষণ প্ৰসঙ্গত তেওঁ উমৰাংছ’ৰ যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বিশেষ আঁচনি গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে।