গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য অসম চৰকাৰৰ

গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰস্তাৱিত নতুন ভৱনৰ চূড়ান্ত নক্সা আৰু পৰিকল্পনাৰ পৰ্যালোচনা কৰে।

ৰোগীৰ বাবে সকলোধৰণৰ সুবিধা, পর্যাপ্ত পোহৰ, মুকলি কৰিড’ৰ আৰু উন্নত নিৰ্মাণকাৰ্য নিশ্চিত কৰি প্ৰকল্পটোৰ কাম আগবঢ়াই নিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।

এই বৈঠকতে ৰাজ্যত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান স্থাপনৰ প্ৰস্তাৱৰ বিষয়েও আলোচনা কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।