September 30, 2026 9:13 PM

views 6

জৰায়ু মুখৰ কৰ্কট ৰোগৰ এইচ পি ভি প্রতিষেধক প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জৰায়ু মুখৰ কৰ্কট ৰোগৰ এইচ পি ভি প্রতিষেধক প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। ৰাজ্যত এতিয়ালৈকে ৩ লাখতকৈও অধিক কিশোৰীক এই প্রতিষেধক প্ৰদান কৰা হৈছে আৰু নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় ৯৩ শতাংশ সামৰি লোৱা হৈছে। ৰাজ্যৰ মুঠ ৩ লাখ ২৭ হাজাৰ কিশোৰীক এইচ পি ভি প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এইচ পি ভি প্রতিষেধক প্রদান অভিযান আৰু নিয়মীয়া টীকাকৰণ সন্দৰ্ভত কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ দুদিনীয়া পৰ্যালোচনা আৰু প্ৰশিক্ষণ সভাত স্বাস্থ্য বিভাগ...

September 18, 2026 1:43 PM

views 8

জন্মগতভাবে হৃদৰোগত আক্ৰান্ত ৭৬ টি শিশুক ৰাজ্য চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ

ৰাজ্য চৰকাৰে জন্মগতভাবে হৃদৰোগত আক্রান্ত ৭৬ টি শিশুক চৰকাৰী ব্যয়ত বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। শিশুকেইটিক উন্নত চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক জন্মগত হৃদৰোগ চিকিৎসা আঁচনি অধীনত বাংগালুৰু আৰু নাৰায়ণা আৰু মুম্বাইৰ হেল্থ চিটী হাস্পতালত ভর্তি কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। স্বাস্থ্য মন্ত্রী অশোক সিংহলে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই কালি চিকিৎসা মহ...

June 28, 2026 7:47 PM

views 27

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ড০ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত ৫ বছৰ বয়সলৈকে ১,৯৯,৫৯১ টি শিশুক সামৰি লোৱা হৈছে। এই প্রতিষেধক প্রদান কার্যসূচী ৩০ জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্রকাশ কৰিছে। ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রতো আজি এই দিৱসৰ কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই মুখ্য অতিথি ৰূপ...