গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত যকৃত সংৰোপণৰ প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই যকৃত সংৰোপণৰ প্ৰথমটো অস্ত্ৰোপচাৰ কালি সফলতাৰে সম্পন্ন হয়। গুৱাহাটী চৰকাৰী আৱাসত আয়োজিত এখন সংবাদমেলত স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি এইকথা প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত বৰ্ষৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যকৃত সংৰোপণৰ বিহিত ব্যৱস্থা লোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত কালি ১৬ ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত সফলতাৰে এই অস্ত্ৰোপচাৰ সম্পন্ন হোৱাটো ৰাজ্যৰ বাবে মাইলৰ খুটি হিচাপে বিবেচিত হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই যকৃত সংৰোপণৰ অস্ত্ৰোপচাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত চৰকাৰী খণ্ডৰ চিকিৎসালয়ত প্ৰথমটো অস্ত্ৰোপচাৰ হিচাপে বিবেচিত হৈছে। এই সফলতাই ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত উন্নত পৰ্যায়ৰ চিকিৎসা সেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সূচনা কৰিছে।

এই সফলতাই ৰাজ্যবাসীৰ বাবে ৰাজ্যত উন্নত আৰু জীৱনদায়ী চিকিৎসা সেৱা উপলব্ধ কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এটা নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো ৰাজ্যৰ চিকিৎসা খণ্ডত বৈপ্লৱিক চিন্তাৰে আগুৱাই লৈ যোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে অহা ১৬ নৱেম্বৰৰ পৰা পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় চৌহদত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে।