October 24, 2026 6:29 PM

views 46

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত যকৃত সংৰোপণৰ প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই যকৃত সংৰোপণৰ প্ৰথমটো অস্ত্ৰোপচাৰ কালি সফলতাৰে সম্পন্ন হয়। গুৱাহাটী চৰকাৰী আৱাসত আয়োজিত এখন সংবাদমেলত স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি এইকথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত বৰ্ষৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যকৃত সংৰোপণৰ বিহিত ব্যৱস্থা লোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত কালি ১৬ ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত সফলতাৰে এই অস্ত্ৰোপচাৰ সম্পন...

July 21, 2026 7:48 PM

views 24

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅ’লজি বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যায়ন পৰিষদৰ স্বীকৃতি লাভ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅ'লজি বিভাগে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যায়ন পৰিষদৰ স্বীকৃতি লাভ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ অচ্যুৎ বৈশ্যই আজি এইকথা প্রকাশ কৰে। ইয়াৰ ফলত ৰোগীয়ে ২৪ ঘণ্টাৰ ভিতৰত এম আৰ আই, ছিটিস্কেনৰ ৰিপোৰ্ট লাভ কৰাৰ পথ প্ৰশস্ত হ'ল বুলি তেওঁ উল্লেখ কৰে।

September 2, 2025 7:10 PM

views 43

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ মৃত্যুৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ আই চি ইউ বেডৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎ‍সকসহ ৭ জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই ঘটনা সন্দৰ্ভত হাস্পতালখনৰ শিশু চিকিৎসা বিভাগৰ মুৰববী ডাঃ অনুপমা ডেকা, সহযোগী অধ্যাপক ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বনৰ লগতে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে ষ্টাফ নাৰ্ছ চন্দনা নাথ, পল্পী দেৱী আৰু আই চি ইউ টেকনিচিয়ান ঈশাশজ...

August 19, 2025 7:01 PM

views 36

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১১ জন ঠিকাভিত্তিক কৰ্মচাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীৰ আত্মীয়ৰ পৰা ধন দাবী কৰা ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে আজি হাস্পতালখনৰ ১১ জন ঠিকাভিত্তিক কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। হাস্পতালখনৰ কালি এটি নৱজাতকৰ মৃত্যুৰ ঘটনাৰ বুজ লবলৈ যোৱাৰ সময়ত যোৱা নিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক একাংশ ৰোগীৰ আত্মীয়ই হাস্পতালৰ কৰ্মচাৰীয়ে ধন দাবী কৰা বুলি অভিযোগ দাখিল কৰিছিল। মুখ্যমন্ত্রীয়ে লগে লগে এই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। এই অনুসৰি আজি ভঙাগড় আৰক্ষীয়ে অভিযান চলাই ১১ জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে ৷