ৰাজ্য চৰকাৰে জন্মগতভাবে হৃদৰোগত আক্রান্ত ৭৬ টি শিশুক চৰকাৰী ব্যয়ত বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। শিশুকেইটিক উন্নত চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক জন্মগত হৃদৰোগ চিকিৎসা আঁচনি অধীনত বাংগালুৰু আৰু নাৰায়ণা আৰু মুম্বাইৰ হেল্থ চিটী হাস্পতালত ভর্তি কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
স্বাস্থ্য মন্ত্রী অশোক সিংহলে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই কালি চিকিৎসা মহাবিদ্যালয়ত অভিৱৰ্তন কেন্দ্ৰৰ পৰা শিশুকেইটিক ৰাওনা কৰে। অসম চৰকাৰে শিশুকেইটিৰ চিকিৎসা, অস্ত্রোপচাৰ, যাত্ৰা আৰু থকা-খোৱাৰ ব্যয় বহন কৰিব।
২০১০ চনত এই কাৰ্যসূচী আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈকে জন্মগতভাবে হৃদৰোগত আক্রান্ত ১৪,৩৮৮ টি শিশুৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে ৫১ টি শিশুৰ চিকিৎসা বর্তমানো গুৱাহাটী, বাংগালুৰু আৰু কলকাতাৰ বিভিন্ন চিকিৎসালয়ত চলি আছে।