ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ড০ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত ৫ বছৰ বয়সলৈকে ১,৯৯,৫৯১ টি শিশুক সামৰি লোৱা হৈছে। এই প্রতিষেধক প্রদান কার্যসূচী ৩০ জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্রকাশ কৰিছে।
ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রতো আজি এই দিৱসৰ কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰি শিশু আৰু মাতৃৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত প্রতিষেধক অত্যন্ত ফলপ্রসূ মাধ্যম বুলি কয়।
গোলাঘাট জিলাত এই অভিযানৰ অধীনত ৫ বছৰ বয়সলৈকে মুঠ ১,২৮,০৬০ টা শিশুক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ বাবে সমগ্ৰ জিলাখনত মুঠ ৮৭২ টা টিকাকৰণ বুথ স্থাপন কৰা হৈছে।
শিৱসাগৰত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়।
চিৰাং জিলাত এইবাৰ প্ৰতিষেধক প্রদান কার্যসূচীত মুঠ ৫৭,৫৭০ টি শিশুক প্রতিষেধক প্রদান কৰা হ’ব।
শ্রীভূমি জিলাতো এহেজাৰ ৩২টা বুথত প্রায় ২,৮,২৬৪ টা শিশুক প্রতিষেধক দিয়াৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। গোৱালপাৰা জিলাত এই অভিযানৰ অধীনত ১,৬৯,৯৬৭ টা শিশুক এই প্রতিষেধক প্ৰদান কৰা হ’ব।
ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ’ দিৱস প্রতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ প্রতিষেধক কাৰ্যসূচী আৰম্ভহৈছে।
মানকাচৰ জিলাত আজি প্ৰথম দিনা জিলাখনৰ ৩৩১ টা ছিটাকৰণ কেন্দ্ৰত ৮০ হাজাৰৰো অধিক শিশুক সামৰি লোৱা হৈছে।
বিশ্বনাথ জিলা, পশ্চিম কাৰ্বি আংলং, কার্বি আংলং, চৰাইদেউ আৰু শোণিতপুৰ জিলাতো পলিঅ প্রতিষেধক প্রদান কার্যসূচী আৰম্ভ হৈছে।
ডিব্ৰুগড় জিলাত মুঠ ৯৫৩টা কেন্দ্ৰত ১,৮৬,৯০৭ টা শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে।