উজনি অসমত হোৱা প্ৰলয়ংকৰী বানত এহেজাৰ কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত হোৱা ক্ষয়-ক্ষতি আৰু চৰকাৰে লোৱা পদক্ষেপৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা লোৱা হৈছে।
তেওঁ কয়, যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতি হোৱা নেপালী খুঁটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তি এলেকাত প্ৰভাৱিত লোকসকলক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় কৰাৰ চিন্তা-চৰ্চা কৰিছে। তেওঁ লগতে কয়, যে বৃহৎ পৰিমাণৰ গো-ধনৰ ক্ষতি হোৱা অঞ্চলসমূহত দুগ্ধ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হ’ব।
ৰাজ্য চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান কিদৰে আগুৱাই নিছে, সেই বিষয়ে উল্লেখ কৰি ড° শর্মাই কয়, যে বানে বিধবস্ত কৰা জিলা চাৰিখনৰ ৬৪ হাজাৰ ৮৯১ টা পৰিয়ালক ইতিমধ্যে ১৫ হাজাৰ টকাকৈ ৯৭ কোটি ৩৪ লাখ টকা মোকলাই দিয়া হৈছে। ইয়াৰ উপৰি জিলা চাৰিখনৰ চাৰি লাখ পৰিয়ালক এক আগষ্টৰ অৰুণোদয়ৰ ধন আঢ়ৈ হাজাৰ টকালৈ বৃদ্ধি কৰি প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে বানত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে প্ৰভাৱিত অঞ্চলসমূহত জৰীপ চলোৱা হৈছে।
এই জৰীপত ৯৬০ গৰাকী প্রশিক্ষিত শিক্ষকে ৮,৩২৫ টা পৰিয়ালৰ জৰীপ সম্পূৰ্ণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই কয়, যে জৰীপৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি এতিয়ালৈ প্ৰায় ডেৰশৰ পৰা দুশ কোটি টকা ক্ষতি হৈছে। ৯ আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ জৰীপৰ কাম ৩০ আগষ্টত সম্পূৰ্ণ হ’ব আৰু ইয়াৰ পাছত প্ৰভাৱিত লোকসকলে জৰীপ সন্দৰ্ভত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বানে ক্ষতি নকৰা এই তালিকাত অন্তৰ্ভুক্ত হ’লে সেই সন্দৰ্ভতো ৰাইজে অভিযোগ প্ৰদান কৰিব পাৰিব। তেওঁ কয়, যে সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰীক্ষণৰ বাবে ১ ৰ ১৫ ছেপ্তেম্বৰলৈ দ্বৈত পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ জৰীপত ৰৈ যোৱা ভুল শ্ৰুতিসমূহ পৰীক্ষা কৰা হ’ব। জৰীপত যাতে কোনোধৰণৰ ত্ৰুটি ৰৈ নাযায়, বৈষম্যৰ সৃষ্টি নহয়, তাৰবাবে অন্য জিলাৰ বিষয়াকো গুণোৎসৱৰ দৰে জৰীপৰ কামত নিয়োজিত কৰা হ’ব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষতি হোৱা প্ৰতিটো পৰিয়ালক সাহায্যৰ বাবে প্ৰয়োজনীয় পুঁজি কেন্দ্রীয় চৰকাৰে আৱণ্টন দিয়াৰ আশ্বাস দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয়-ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে ৭৯৩খন বিদ্যালয়ক মেৰামতিৰ বাবে ২ লাখ টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি ৯০ শতাংশ বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে।
উজনি অসমৰ চাৰিখন জিলাৰ ২৫৪ খন বিদ্যালয়ত ১৭ আগষ্টৰ পৰাহে পাঠদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ ১৭ আগষ্ট পর্যন্ত বন্ধ ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে বান প্রভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা ২০ আগষ্টৰ পূৰ্বে ডেৰ লাখ টকাকৈ অনুদান মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে। ড০ শর্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ ৩০ আগষ্টৰ পূর্বে আবেদন দাখিল কৰিবলৈ আহ্বান জনায়।
ইপিনে, ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত ৪৩৩ খন গাঁৱৰ ৮৬,৮৩২ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০,৮৮৪.২৭ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ হৈছেগৈ।