মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে কালি নতুন দিল্লীত ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে সাক্ষাৎকালত মন্ত্ৰীকেইগৰাকীৰ সৈতে মীন, দুগ্ধ উৎপাদন আৰু বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে দীৰ্ঘম্যাদি পৰিকল্পনা প্ৰস্তুত কৰা লগতে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে।
বৈঠকত অসমৰ জলসম্পদক সঠিকভাৱে ব্যৱহাৰ কৰি কেনেকৈ ৰাজ্যখনক দেশৰ ভিতৰত অন্যতম মীন উৎপাদন আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই বিষয়টোৱে আগস্থান লাভ কৰে। তেওঁলোকে অত্যাধুনিক প্ৰ-সংস্কৰণ কেন্দ্ৰ নিৰ্মাণ আৰু সুচল বজাৰ সংযোগৰ জৰিয়তে মীন খণ্ডক উদ্যোগৰ ৰূপ দিয়াৰ পৰিকল্পনাক লৈও আলোচনা কৰে।
ইয়াৰ উপৰি শ্বেত বিপ্লৱক ত্বৰান্বিত কৰিবলৈ দুগ্ধ সমবায়সমূহক শক্তিশালী কৰা, পশু চিকিৎসা সেৱাৰ আধুনিকীকৰণ আৰু টেত্ৰাপেক তথা গাখীৰৰ পাউদাৰ প্ৰস্তুত কৰা কাৰখানা স্থাপনৰ বিষয় লৈও তেওঁলোকে মত বিনিময় কৰে। ইয়াৰ পাছত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক দেখা কৰে। দুয়োগৰাকী নেতাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু সংস্থাপনৰ বিষয় লৈ আলোচনা কৰে।
অলপতে অসমৰ বান পৰিস্থিতি ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালৰ জীৱিকা পুনৰ নিশ্চিত কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পূৰ্ব প্ৰস্তুতি আৰু ক্ষিপ্ৰ ব্যৱস্থাপনাৰ প্ৰশংসা কৰে। তেওঁ কয়, যে ড° শৰ্মাৰ সৱল নেতৃত্বত অসমে বিকাশৰ নতুন শিখৰত উপনীত হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসামৰিক বিমান পৰিবহন মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহন খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰে।
তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংছ’, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ছটা গ্রীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপ’ৰ্টৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
বৈঠকত ৰূপসী বিমান বন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহন কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়াৰ ভাগলৈ কেন্দ্ৰীয় ৰে’ল, তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰে’ল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূর্ণ প্রকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
শ্ৰী শৰ্মাই কয়, যে বৈঠকত দেশত চেমি কণ্ডাক্টৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ ভূমিকা অধিক শক্তিশালী কৰা আৰু দূৰণীবটিয়া ৰে’ল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ চেমি কণ্ডাক্টৰ ক্ষেত্ৰখনত অসমে যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে নিজকে সাজু কৰিব তুলিব পাৰে তাৰ বাবে ইলেক্টনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ সহযোগিতা বিচাৰে।
বৈঠকত ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহলৈ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত লংকাৰ পৰা ওমৰাংচু নতুন ৰে’ল লাইনৰ আন্তঃগাঁথনিৰ লগতে প্ৰস্তাৱিক ভাৰত-ভূটান ৰে’ল প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকে অসমৰ দীৰ্ঘম্যাদী ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।