July 31, 2026 11:36 AM
10
বানপীড়িতই ছমাহলৈ বেংক ঋণ পৰিশোধ পৰা ৰেহাই পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা
সাম্প্রতিক বানত সর্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ যিসকল লোকৰ বেংকত বিভিন্ন ঋণ আছে তেওঁলোকে অনাগত ছমাহলৈ কিস্তিৰ ধন পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নিৰ্দেশ অনুসৰি কালি মুখ্যমন্ত্ৰী ড০ শর্মাই এই বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াসকলৰ সমিতি এছ এল বি চিৰ সৈতে এখন বৈঠকত অংশ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবার্ডসহ সকলো বেংকৰ প্ৰতিনিধি উপস্থিত থকা এই বৈঠকত ...