মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত জাপানৰ ৰাষ্ট্রদূত ওন কেইচিৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োগৰাকী নেতাই ছেমিকণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে। অসমে জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জাপানৰ প্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শৰ্মাই প্ৰকাশ কৰা মতে আলোচনাত দুয়ো পক্ষৰ মাজত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে স্থান লাভ কৰে। এই আলোচনাকালত ৰাষ্ট্রদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জাপানৰ পৰম্পৰাগত চাহ মেলেৰে আপ্যায়ণ কৰে। উল্লেখযোগ্য যে, উদ্যোগ, প্রযুক্তি, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিৰ দৰে বিভিন্ন ক্ষেত্ৰত অসম আৰু জাপানৰ মাজত শেহতীয়াকৈ সহযোগিতা বৃদ্ধি পাইছে। জাপানে ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছে। তেনে সময়তে মুখ্যমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্রদূতগৰাকীৰ এই বৈঠক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
Assamese | July 7, 2026 11:49 AM | cm meeting
নতুন দিল্লীত ওন কেইচিৰ সৈতে ড০ হিমন্ত বিশ্ব শর্মাৰ আলোচনা