মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি শিক্ষা বিভাগৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদ্যালয়, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্রিক অগ্রগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাজেট প্রস্তাৱৰ লগতে বৰ্তমান ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ পর্যালোচনা তথা শিক্ষা বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ পর্যালোচনা কৰা হয়। ড০ শর্মাই এই বৈঠকতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ৰূপায়ণ, বিনামুলীয়া স্কুটী, চাইকেল আৰু পাঠ্যপুথি বিতৰণৰ উপৰি বিনামূলীয়া নামভর্তি আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চৰকাৰী আদর্শ মহাবিদ্যালয়, চাহ বাগিছা আদর্শ বিদ্যালয় আৰু শিক্ষক নিযুক্তি প্রক্রিয়াৰো মূল্যায়ন কৰে।
Assamese | June 18, 2026 7:40 PM | cm meeting
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পর্যালোচনা বৈঠক