মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি ২০২৬-২৭ৰ অগ্রগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সাহায্য আঁচনিৰ অগ্ৰগতিৰ সন্দৰ্ভত হোৱা পৰ্যালোচনা বৈঠকত মন্ত্ৰী ডা০ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, পীযূষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, নীলিমা দেৱী আৰু বিমল বৰা উপস্থিত থাকে।
ইপিনে ৰাজ্যখনৰ বান আৰু আন স্পৰ্শকাতৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ তথা চৰকাৰলৈ সহযোগিতাৰ আগবঢ়োৱাৰ বাবে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি আন এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে।