July 31, 2026 11:36 AM | cm meeting

printer

বানপীড়িতই ছমাহলৈ বেংক ঋণ পৰিশোধ পৰা ৰেহাই পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

সাম্প্রতিক বানত সর্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ যিসকল লোকৰ বেংকত বিভিন্ন ঋণ আছে তেওঁলোকে অনাগত ছমাহলৈ কিস্তিৰ ধন পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নিৰ্দেশ অনুসৰি কালি মুখ্যমন্ত্ৰী ড০ শর্মাই এই বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াসকলৰ সমিতি এছ এল বি চিৰ সৈতে এখন বৈঠকত অংশ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবার্ডসহ সকলো বেংকৰ প্ৰতিনিধি উপস্থিত থকা এই বৈঠকত জিলাকেইখনৰ বানপীড়িত লোকৰ ঋণ পৰিশোধ ছমাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে ১৯ জুলাইৰ পৰা এই সময়সীমা আৰম্ভ হ’ব আৰু ঋণ লোৱা ব্যক্তিজন বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট থকা হ’ব লাগিব। বেংকসমূহে নিজাববীয়াকৈ এই বিষয়ে জৰীপ কৰিব। বানত কোনো বিশেষ ক্ষতি নোহোৱা ব্যক্তিয়ে বেংক ঋণ পৰিশোধৰ এই আঁচনিৰ সুবিধা লাভ নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তেনে লোকক পূৰ্বৰ নিয়ম অনুসৰি কিস্তিৰ ধন দি থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বানত সৰ্বাধিক ক্ষতিগ্রস্ত হোৱা এই চাৰিখন জিলাত সম্প্ৰতি ৩ লাখ ১৮ হাজাৰ ঋণ লোৱা বেংক একাউণ্ট আছে আৰু এইসমূহৰ পৰা সকলো বেংকে মিলি মুঠ ১১ হাজাৰ ৪০০ কোটি টকা ঘূৰাই পাব আছে।

ঋণ লোৱা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰা তাৎক্ষণিক সকাহমূলক আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অৱগত কৰা অনুসৰি গৃহ, শিক্ষা আৰু গাড়ীৰ ঋণৰ কিস্তিৰ ধন অহা ছমাহলৈ দিব নালাগে। প্রয়োজন সাপেক্ষে এই সময়সীমা এবছৰলৈও বৃদ্ধি কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে, কৃষি, পশু আৰু মৎস্য পালন তথা আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰতো ছমাহৰ এই বিশেষ ৰেহাই থাকিব। পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে এই সময়সীমা দুবছৰ পৰ্যন্ত বৃদ্ধি কৰিব পৰা যাব। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত প্ৰথম ছমাহৰ ৰেহাইৰ লগতে ঋণৰাশিৰ পৰিমাণ বেছি হ’লে পৰৱৰ্তী সময়ত ৩ৰ পৰা ৭ বছৰ পৰ্যন্ত বৃদ্ধি কৰাৰ সুবিধা দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে, অনা-বেংকিং বিত্তীয় প্রতিষ্ঠান যেনে- ডাকঘৰ, বীমা সংস্থা আদিৰ পৰা ঋণ লোৱাসকলকো আঁচনিৰ সুবিধা দিয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ সৈতে শীঘ্ৰেই পৃথকে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে, যিসকল ক্ষুদ্র ব্যৱসায়ীয়ে ঋণ লৈ বানত ক্ষতিৰ সন্মুখীন হ’বলগা হৈছে তেওঁলোকে বিচাৰিলে নির্দিষ্ট বেংকটোৱে পুৰণি প্ৰমাণ-পত্ৰতে অতিৰিক্ত ১০ হাজাৰ টকাৰ ঋণৰ ধন একাউণ্টত দিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ।