June 22, 2026 6:10 PM | cm meeting

printer

অহা ৪ আগষ্টৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা ৪ আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা ইউ এ ই, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্কক নতুন গতি প্রদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশা প্রকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় ।