November 4, 2026 10:45 AM | cm meeting

printer

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানৰ কাৰণ নিৰ্ণয়ৰ বাবে চি বি আই তদন্তৰ প্ৰস্তাৱত মন্ত্ৰীসভাৰ অনুমোদন

চলিত বছৰৰ জুলাইত শিৱসাগৰ আৰু চৰাইদেউ জিলাত হোৱা বিধ্বংসী বানৰ কাৰণ নিৰ্ণয়ৰ বাবে চি বি আইৰ দ্বাৰা তদন্ত কৰাৰ প্ৰস্তাৱত ৰাজ্যিক মন্ত্রীসভাই অনুমোদন জনাইছে। কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা ১০ দিন মানৰ ভিতৰত ৰাজ্য চৰকাৰে এই তদন্তৰ বাবে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিব।

মন্ত্রীসভাই উদ্ভাৱনীমূলক যাতায়াত ব্যৱস্থা হিচাপে ৰজ্জুপথ নিৰ্মাণৰ বাবে প্রতিষ্ঠানগত কাঠামো গঢ়ি তোলাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ ব্যৱস্থাপনা লিমিটেড আৰু ৰাজ্য চৰকাৰৰ মাজত ৰজ্জুপথ উন্নয়ন চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ, খানাপাৰাৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনলৈ, কাছাৰৰ গংগা নগৰৰ পৰা ভূৱন পাহাৰৰ শিৱ মন্দিৰলৈ, ডিমা হাচাওৰ হেমপেউপেট শৃংগৰ পৰা জাতিংগালৈ আৰু শোণিতপুৰৰ অগ্নিগড়ৰ পৰা ভৈৰৱী মন্দিৰলৈ ৫টা ৰজ্জুপথ নিৰ্মাণ কৰা হ’ব।

নতুন কর্মসংস্থাপনৰ সুযোগ সৃষ্টি সন্দৰ্ভত মত প্রকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পদন্নোতিৰ বাবে খালী হৈ থকা পদসমূহৰ দ্ৰুত নিষ্পত্তি আৰু বৃহৎ পৰিসৰত প্ৰাৰম্ভিক পৰ্যায়ৰ নিযুক্তি নিশ্চিত কৰাৰ লক্ষ্যৰে মন্ত্রীসভাই এবাৰৰ বাবে বিশেষ প্রশাসনিক ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। তেওঁ কয় যে এই ব্যৱস্থাৰ অধীনত পদোন্নতিৰ ক্ষেত্ৰত বাৰ্ষিক গোপনীয় প্ৰতিবেদন- এ চি আৰ, নিৰ্ধাৰিত চাকৰিকাল, বয়স, অভিজ্ঞতা, বাৰ্ষিক সম্পত্তিৰ বিৱৰণীসহ পূৰ্ব নিৰ্ধাৰিত চৰ্তসমূহ শিথিল কৰা হ’ব। ইয়াৰ ফলত পদ্দোন্নতিৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ’ব আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ চৰকাৰী নিযুক্তিৰ নতুন সুযোগ মুকলি হ’ব।

মুখ্যমন্ত্রীয়ে কয়, যে কোনো চৰকাৰী কৰ্মচাৰী বহুবিবাহত আবদ্ধ হ’লে চাকৰিৰ পৰা বৰ্খাস্ত হ’ব আৰু ভৱিষ্যতে কোনো চাকৰিত আবেদন কৰিব নোৱাৰিব। ৰাজ্যত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন হোৱা বাবে এই সিদ্ধান্ত জনজাতীয় লোকৰ বাহিৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। সেনাবাহিনীৰ পৰা অৱসৰপ্ৰাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে ৪৫ বছৰ বয়সলৈ আবেদন কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ড০ শৰ্মাই কয় যে ৰাজ্যত এইবাৰ ৮ লাখ ৫০ হাজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰে প্ৰতি কুইণ্টল ধান দুহেজাৰ ৬৪০ টকাত ক্রয় কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত প্ৰতিৰক্ষা উদ্যান নিৰ্মাণ কৰা হ’ব। সামৰিক বাহিনীৰ সহায় হ’ব পৰাকৈ ৬ হাজাৰ বিঘা ভূমিত এই উদ্যান নিৰ্মাণ কৰা হ’ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।