July 4, 2026 10:39 AM | cm meeting

printer

নতুন দিল্লীৰ পৰা উভতি আহি মুখ্যমন্ত্রীৰ একাধিক গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পৰা উভতি আহি কালি একাধিক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষববীয়াসকলৰ সৈতে অনুষ্ঠিত প্রথমখন বৈঠকত গুৱাহাটী মহানগৰক আধুনিক আৰু পৰিকল্পিত ৰূপত সজাই তোলাৰ কামকাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । বৈঠকত সৰু সজাই অঞ্চলক বিশ্বমানৰ আন্তঃগাঁথনি, উন্নত যোগাযোগ, মা সম্পন্ন ৰাজহুৱা সুবিধা আৰু বহনক্ষম নগৰ পৰিকল্পনাৰে আকৰ্ষণীয় স্থল হিচাপে গঢ়ি তোলাৰ বিষয়টোৱে আগস্থান লাভ কৰে। বৈঠক মুখ্যমন্ত্ৰীয়ে গুৱাহাটী সম্প্ৰসাৰণৰ প্ৰকল্পসমূহৰ পৰিকল্পনা আৰু ৰূপায়ণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। পাছত মুখ্যমন্ত্ৰীগৰাকী অসম বিদ্যুৎ গ্রীড নিগম লিমিটেডৰ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ বাবে বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক অধিক শক্তিশালী কৰাৰ পৰিকল্পনাৰ পৰ্যালোচনা কৰে। দুয়োখন বৈঠকত মন্ত্ৰী কৌশিক ৰায়, অতিৰিক্ত মুখ্য সচিব ড০ কে কে দিবেদী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।