June 29, 2026 7:48 PM | cm meeting

printer

বন বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত পৰিৱেশ আৰু বন বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত বনজ আৰু খনিজ সম্পদৰ পৰা ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ বাবে ই-ট্ৰেনজিত পার্মিট ব্যৱস্থাৰ সৰলীকৰণ, জি এছ টি ফাকি ৰোধকে ধৰি বিভিন্ন বিষয়ক কঠোৰ ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে আজি ৭৬৫ কোটি টকা ব্যয় সাপেক্ষে নির্মিয়মান গুৱাহাটীৰ আৰ জি বৰুৱা ক্রীড়া প্রকল্পস্থলী পৰিদৰ্শন কৰি কামকাজৰ বুজ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।