ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আবাস কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।
মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণকাৰ্য কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে।
তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নির্দেশ দিয়ে।