January 22, 2025 6:21 PM

views 83

নলবাৰীত ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীত ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয়, যে টাটা প্ৰতিষ্ঠানৰ সহযোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত হবলগীয়া এই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত জিলাখন তথা ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰোগীসকল উপকৃত হ'ব। তেওঁ কয়, যে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ কৰ্মচাৰীসকলে ফেব্ৰুৱাৰীৰ পৰা ঘৰে ঘৰে গৈ ৰোগী অনাৰ ব্যৱস্থা কৰিব। আজিৰ অনুষ...

January 18, 2025 7:24 PM

views 75

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিবেশন কালিৰে পৰা অনুষ্ঠিত

নলবাৰী জিলাৰ বিল্বেশ্বৰ দেৱালয়ৰ বাকৰিত অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিবেশন কালিৰে পৰা অনুষ্ঠিত হৈছে। বিশিষ্ট নাট্যকাৰ তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক ৰমেশ কুমাৰ হালৈয়ে এই অধিবেশন উদ্বোধন কৰে। অধিবেশনৰ আজি দ্বিতীয় দিনা কেন্দ্ৰীয় বিষয়ববীয়া, মণ্ডল আৰু জিলা সমিতিৰ বিষয়ববীয়া আৰু কেইবাগৰাকী নাট্যকর্মীয়ে ৬১ খন পতাকা উত্তোলন কৰে।

October 25, 2024 7:39 PM

views 79

অহা মে’ৰ মাহৰ ভিতৰত কৃষি বিভাগত ১৮০০ গৰাকী গ্ৰামসেৱকক নিযুক্তি

নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই আজি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, অহা মে'ৰ মাহৰ ভিতৰত কৃষি বিভাগত এহেজাৰ ৮০০ গৰাকী গ্ৰামসেৱকক নিযুক্তি দিয়া হ'ব। ইতিমধ্যে এই সন্দৰ্ভত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰে।

September 2, 2024 7:53 PM

views 55

ৰাজ্যজুৰি হৃদ ৰোগ আৰু ৰক্তজনিত ৰোগত আক্ৰান্ত শিশুৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত

হৃদ ৰোগ আৰু ৰক্তজনিত ৰোগত আক্ৰান্ত শিশুৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা শিবিৰ আজিৰেপৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত জিলাই জিলাই এই ব্যৱস্থা লোৱা হৈছে। নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এই শিবিৰ মুকলি কৰা হৈছে। নলবাৰীত আজি হৃদৰোগ, থেলাছেমিয়া আৰু কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে ডেৰ শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । বাক্সা আৰু নলবাৰী জিলাৰ জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে এই শিবিৰ মুকলি কৰি ৰোগ চিনাক্তকৰণৰ পাছত পৰ্যায়ক্রমে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা ...

May 9, 2024 8:58 PM

views 50

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনে পৰৱৰ্ত্তী সময়ত এইমছৰ সৈতে মিলিত হৈ শৈক্ষিক আৰু কাৰিকৰী দিশত সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইমছৰ কার্যবাহী স...