নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই আজি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, অহা মে’ৰ মাহৰ ভিতৰত কৃষি বিভাগত এহেজাৰ ৮০০ গৰাকী গ্ৰামসেৱকক নিযুক্তি দিয়া হ’ব। ইতিমধ্যে এই সন্দৰ্ভত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰে।
Assamese | October 25, 2024 7:39 PM | Nalbari
অহা মে’ৰ মাহৰ ভিতৰত কৃষি বিভাগত ১৮০০ গৰাকী গ্ৰামসেৱকক নিযুক্তি