ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰে প্ৰথমখন আঁচনিৰ অধীনত কঢ়া নদীৰ মৌখোৱা মথাউৰিৰ উচ্চতা বৃদ্ধি আৰু সবলীকৰণ কাৰ্য ৰূপায়ণ কৰা হ’ব।
দ্বিতীয়খন আঁচনিত চাৰিকৰিয়া নদীৰ হুজগাঁও, মাণিকপুৰ, চেতিয়াগাঁও আৰু ঘিলাগুৰি গাঁৱৰ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অঞ্চলটোৰ দীৰ্ঘদিনীয়া বান আৰু খহনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিসমূহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেও উপস্থিত থাকে।
এই আঁচনি দুখনে স্থানীয় ৰাইজক বান আৰু খহনীয়াৰ কবলৰ পৰা সকাহ দিব বুলি আশা প্ৰকাশ কৰা হৈছে।