শিলচৰৰ চানমাৰি অঞ্চলত এটা আবাসীক ফ্লেটৰ গেট ভাঙি পৰাৰ ফলত এজন ছিকিউৰিটি গাৰ্ডৰ মৃত্যু

শিলচৰৰ চানমাৰি অঞ্চলত যোৱা নিশা এটা আবাসীক ফ্লেটৰ গেট ভাঙি পৰাৰ ফলত এজন ছিকিউৰিটি গাৰ্ডৰ মৃত্যু হয়। নিখিল দাস নামৰ মৃত লোকজন তাৰাপুৰৰ গিৰিশ ৰোড নিবাসী আছিল। ঘটনাৰ খবৰ পাই অতিৰিক্ত আৰক্ষী অধীক্ষক পার্থপ্রতীম শ‍ইকীয়া আৰু তাৰাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শুভদীপ দত্ত ততালিকে ঘটনাস্থলীত উপস্থিত হয়। পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।