August 5, 2026 4:50 PM

views 2

অসম বিশ্ববিদ্যালয়লৈ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথছোৱা মেৰামতিৰ দাবীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ধৰ্ণা কাৰ্যসূচী

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা অসম বিশ্ববিদ্যালয়লৈ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথছোৱা মেৰামতিৰ দাবীত আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায় ৪ ঘণ্টাযোৰা প্ৰতিবাদৰ পাছত অতিৰিক্ত জিলা আয়ুক্তই তেওঁলোকৰ সৈতে আলোচনা কৰি পথ মেৰামতিৰ বাবে লিখিত আশ্বাস দিয়ে। উল্লেখযোগ্য যে শিলচৰ হাস্পতাল আৰু অসম বিশ্ববিদ্যালয়লৈ যোৱা পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত জনসাধাৰণে দুর্ভোগ ভূগিবলগীয়া হৈ আহিছে। পথছোৱা মেৰামতিৰ বাবে কেইবাবাৰো কাছাৰ জিলা প্...

July 20, 2026 7:15 PM

views 8

অনুসূচীত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আর্থিক অনুদান বিতৰণ

আর্থসামাজিক উন্নয়ন আৰু অনুসূচীত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আর্থিক অনুদান বিতৰণ কৰা হয়। প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয়া যোজনাৰ অধীনত অনুদান বিতৰণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণৰ লগতে প্রধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয়া যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাটোৱে চৰকাৰৰ মূল উদ্দে...

July 4, 2026 7:48 PM

views 11

যোগাভ্যাসৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ উদ্দেশ্যে পিএমশ্রী গাঁৱে গাঁৱে যোগ মহা অভিযানৰ অংশ হিচাপে শিলচৰত অনুষ্ঠিত ১১ দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি

যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পি এম শ্রী গাঁৱে গাঁৱে যোগ মহা অভিযানৰ অংশ হিচাপে শিলচৰত অনুষ্ঠিত ১১ দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ১২০ জন প্রশিক্ষার্থীক প্রমাণ পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত ব্যৱহাৰিক যোগাভ্যাস, তাত্বিক পাঠ, সুস্থ জীৱনৰ বাবে যোগাসনৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত মনোজ্যোতি কুটুম আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযা...

December 7, 2025 7:10 PM

views 55

শিলচৰৰ উধাৰবন্দত ১৫,৩০১গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উধাৰবন্দত সমষ্টিটোৰ ১৫,৩০১গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে চৰকাৰে ৰাজ্যৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ পথ প্ৰশস্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত ড০ শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যানমূলক আঁচনিত আলোকপাত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি শিলচৰৰ আৰক্ষী অতিথিশালাত ...

November 11, 2025 6:52 PM

views 77

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক কৰা হৈছে। নজৰুল ইছলাম বৰভূঞা নামৰ লোকজনে সামাজিক মাধ্যমত বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাছাৰ আৰক্ষীৰ এটা দলে লোকজনক আটক কৰে। ইপিনে বিস্ফোৰণৰ ঘটনাৰ পাছতে কাছাৰ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে জানিবলৈ দিছে।

October 11, 2025 12:36 PM

views 62

বৰাক উপত্যকাৰ পথ প্ৰকল্পসমূহ অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী কৌশিক ৰায়ৰ সংশ্লিষ্ট বিভাগলৈ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ খাদ্য, গ্রাহক পৰিক্ৰমা, খনিজ আৰু বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে কালি কাছাৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীৰায়ে অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথ প্রকল্পসমূহ অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে এন এইচ আই ডি চি এলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত বৰাপানী-পাঁচগ্রাম এক্সপ্ৰেছৱে, শিলচৰ-চুৰাইবাৰী, শিলচৰ-জিৰিবাম, শিলচৰ বাইপাছকে ধৰি কেইবাটাও প্ৰকল্পৰ অগ্ৰগতিৰ প...

July 23, 2025 6:41 PM

views 37

পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে শিলচৰ পৌৰ নিগমৰ উচ্ছেদ অভিযান

শিলচৰ পৌৰ নিগমে আজি শিলচৰ নগৰৰ পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ এটা বৃহৎ দলে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সহযোগত নগৰখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলায়। পদপথত দখল কৰি থকা অস্থায়ী দোকানসমূহ ভাঙি সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়।

July 23, 2025 6:37 PM

views 67

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত কবিতা পদ্মনাভনে শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পর্যালোচনা কৰে

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভনে আজি কাছাৰ জিলাৰ শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পর্যালোচনা কৰে। শিলচৰ নগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ পাছত সচিবগৰাকীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসেৱা প্ৰদানৰ ক্ষেত্ৰত থকা সীমাৱদ্ধতাসমূহ চিনাক্ত কৰি শীঘ্ৰেই সমাধান নিৰ্দেশ দিয়ে সচিবগৰাকীয়ে শিলচৰ পৌৰ নিগমৰ অধীনৰ ব্যস্ত বজাৰ এলেকা, ৰাজপথ, ডাম্পিং গ্রাউণ্ড আৰু নগৰৰ সীমান্ত অঞ্চলৰ পৰিদৰ্শন কৰ...

June 30, 2025 6:51 PM

views 68

১৮৮২ চনত গঠন হোৱা শিলচৰ পৌৰসভা আজি পৌৰ নিগম হিচাপে স্বীকৃত

১৮৮২ চনত গঠন হোৱা শিলচৰ পৌৰসভা আজি পৌৰ নিগম হিচাপে স্বীকৃত হয়। পৌৰ সভাখনৰ ২৮ টা ৱাৰ্ডক ৪২ টালৈ বৃদ্ধি কৰি পৌৰ নিগম গঠন কৰিবলৈ অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ২০২২ চনৰ নৱেম্বৰ মাহত শিলচৰ পৌৰ সভাক নিগম হিচাপে গঠন কৰাৰ বিষয়ে ঘোষণা কৰা হৈছিল। যোৱা বছৰ এই ঘোষণাৰ পৰিপ্ৰেক্ষিতত শিলচৰ পৌৰ নিগম গঠনৰ কাৰণে এটা বিজ্ঞপ্তিত জাৰি কৰা হৈছিল যদিও আজিহে শিলচৰ পৌৰসভাৰ কাৰ্যালয়ৰ নাম পৰিৱৰ্তন কৰি পৌৰ নিগমৰ ফলক উন্মোচন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ কনাড পুৰকায়স্থ, বিধায়ক দিপায়ন চক্ৰৱৰ্তী আৰ...

June 19, 2025 11:41 AM

views 52

কাছাৰ জিলাৰ কালাইন-শিলচৰ পথৰ হাৰং নদীৰ দলংখন ভাগি পৰাত বৰাক উপত্যকাৰ সৈতে যোগাযোগ বিচ্ছিন্ন

■ কাছাৰ জিলাৰ কালাইন-শিলচৰ পথৰ ভাংগাৰপাৰৰ হাৰং নদীৰ ওপৰৰ দলংখন যোৱা মঙলবাৰে নিশা ভাগি পৰাত ৰাজ্যৰ অন্যান্য অংশৰ সৈতে বৰাক উপত্যকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। কালাইন-শিলচৰ পথৰ অন্যতম গুৰুত্বপূর্ণ সংযোগী দলংখনত নিশা দুখন অতিৰিক্ত বোজাই কৰা ট্রাক পাৰ হৈ যোৱাৰ সময়তে ভাগি পৰে। এই দলংখন ভাগি পৰাৰ ফলত গুৱাহাটীৰ পৰা শিলচৰ, হাইলাকান্দি, শ্রীভূমি, ত্ৰিপুৰা আৰু মিজোৰামলৈ পথৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্রেই কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পর্যবে...