যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পি এম শ্রী গাঁৱে গাঁৱে যোগ মহা অভিযানৰ অংশ হিচাপে শিলচৰত অনুষ্ঠিত ১১ দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে।
ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ১২০ জন প্রশিক্ষার্থীক প্রমাণ পত্ৰ প্ৰদান কৰা হয়।
এই কাৰ্যসূচীত ব্যৱহাৰিক যোগাভ্যাস, তাত্বিক পাঠ, সুস্থ জীৱনৰ বাবে যোগাসনৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত মনোজ্যোতি কুটুম আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান, কাচাৰৰ ভাৰপ্ৰাপ্ত নডেল বিষয়া ড০ সোনম পাণ্ডে উপস্থিত থাকে।