কাছাৰ জিলাৰ শিলচৰ নগৰৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্পসমূহৰ পৰ্যালোচনাৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়।
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত নগৰখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষিপ্ৰ ৰূপায়ণৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।
শিলচৰৰ কাষৰীয়া অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নত এই প্রকল্পসমূহৰ গুৰুত্ব বিবেচনা কৰি ইয়াৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকত বিধায়ক ৰাজদ্বীপ গোৱালা, কমলাক্ষ দে পুৰকায়স্থকে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।