আর্থসামাজিক উন্নয়ন আৰু অনুসূচীত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আর্থিক অনুদান বিতৰণ কৰা হয়। প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয়া যোজনাৰ অধীনত অনুদান বিতৰণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণৰ লগতে প্রধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয়া যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাটোৱে চৰকাৰৰ মূল উদ্দেশ্য। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত কাছাৰ জিলা মিছন ব্যৱস্থাপনা ইউনিটৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ অধ্যক্ষ, বিজেপিৰ কাছাৰ জিলাৰ সভাপতি, প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।
Assamese | July 20, 2026 7:15 PM | Silchar
অনুসূচীত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আর্থিক অনুদান বিতৰণ