দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক কৰা হৈছে। নজৰুল ইছলাম বৰভূঞা নামৰ লোকজনে সামাজিক মাধ্যমত বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাছাৰ আৰক্ষীৰ এটা দলে লোকজনক আটক কৰে। ইপিনে বিস্ফোৰণৰ ঘটনাৰ পাছতে কাছাৰ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে জানিবলৈ দিছে।
Assamese | November 11, 2025 6:52 PM | Akashvani | Akashvani News | Delhi | Delhi Boom Blast | Local news | Silchar
দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক