অসম বিশ্ববিদ্যালয়লৈ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথছোৱা মেৰামতিৰ দাবীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ধৰ্ণা কাৰ্যসূচী

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা অসম বিশ্ববিদ্যালয়লৈ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথছোৱা মেৰামতিৰ দাবীত আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায় ৪ ঘণ্টাযোৰা প্ৰতিবাদৰ পাছত অতিৰিক্ত জিলা আয়ুক্তই তেওঁলোকৰ সৈতে আলোচনা কৰি পথ মেৰামতিৰ বাবে লিখিত আশ্বাস দিয়ে। উল্লেখযোগ্য যে শিলচৰ হাস্পতাল আৰু অসম বিশ্ববিদ্যালয়লৈ যোৱা পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত জনসাধাৰণে দুর্ভোগ ভূগিবলগীয়া হৈ আহিছে।

পথছোৱা মেৰামতিৰ বাবে কেইবাবাৰো কাছাৰ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক স্মাৰকপত্ৰ দাখিলৰ পাছতো কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।