July 13, 2026 6:38 PM

views 33

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ’এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ' এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বাগান তিনিআলিৰ কিষ্ট বস্তি নিবাসী জীতেন কাহাৰ নামৰ লোকজনৰ বাৰীত পাইপ ফাটি গেছ নিৰ্গত হয় আৰু নিশাৰ ভাগত গেছৰ শব্দ আৰু গোন্ধ বিয়পি পৰে। অঞ্চলটোৰ ৰাইজে অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকাত কৰ্তৃপক্ষক খবৰ দিয়াত আজি দিনৰ ভাগত অ' এন জি চিৰ এটা কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয়। কর্তৃপক্ষই মাটি খান্দি গেছ নির্গ...

July 13, 2026 6:16 PM

views 27

মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে আজি এটা প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ত অনুষ্ঠিত এই ই ডি পি প্রশিক্ষণ কাৰ্যসূচীত হিতাধিকাৰীসকলৰ বাবে জ্ঞান আহৰণৰ সুযোগ সৃষ্টি, উদ্যোগিকৰণৰ দক্ষতা বৃদ্ধি কৰা আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰসেন দৈমাৰী উপস্থিত থাকে।

July 13, 2026 6:11 PM

views 26

বিশ্বনাথৰ গহপুৰত বিধায়ক উৎপল বৰাই চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে

বিশ্বনাথ জিলাৰ গহপুৰত বিধায়ক উৎপল বৰাই আজি চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰত স্থাপন কৰা এই অতিথি গৃহৰ লগতে প্রয়াত কোষেশ্বৰ বৰুৱা গ্ৰন্থাগাৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হয়। এই অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱাৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া আৰু ভালেসংখ্যক লোকে অংশগ্রহণ কৰে৷

July 11, 2026 6:51 PM

views 22

শিৱসাগৰৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান মুকলি

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সু-সংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা...

July 11, 2026 6:20 PM

views 19

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামুলপুৰৰ বিধায়ক তথা মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্রশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰীদৈমাৰীয়ে এই বিনামুলীয়া প্রশিক্ষণে স্থানীয় ছাত্র-ছাত্রীসকলক প্...

July 10, 2026 7:01 PM

views 19

প্ৰধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয় যোজনাৰ অধীনত ধেমাজিৰ ১৭৬ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ মূলধনী অনুদান বিতৰণ

অনুসূচীত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত ১৭৬ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু জিলা মিছন মেনজমেণ্ট ইউনিটৰ ধেমাজি জিলাৰ উদ্যোগত জিলাখনৰ চিলাৰায় ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত আত্মসহায়ক গোটসমূহৰ মাজত এই অনুদান বিতৰণ কৰা হয়। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই অনুমোদন পত্ৰসমূৰ বিতৰণ কৰে।...

July 8, 2026 1:13 PM

views 20

ৰাজ্যৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙৰ লেকাইত হ’বলগীয়া সম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ, অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শনকালত প্ৰস্তাৱিত ভূমিৰ উপযোগিতা, মূল্যায়ন আৰু প্ৰতিষ্ঠানটোৰ স্থাপনৰ বাবে অপৰিহাৰ্য বিভিন্ন বিষয় পর্যালোচনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কাৰিকৰী শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰকল...

July 8, 2026 12:46 PM

views 22

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেকট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব’ৰ্ডে নতুন ভাৰাৰ তালিকাত অনুমোদন জনাইছে। ব'ৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাৰাৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নির্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলৱৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব'ৰ্ডৰ এই নিয়ন্ত্ৰিত ভাৰাৰ তালিকাৰ ফলত এতিয়াৰে পৰা ই ভি অটোচালক আৰু যাত্ৰীৰ মাজত ভাৰাক ...

July 7, 2026 7:45 PM

views 24

চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ

যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নির্মাণস্থলী পৰিদৰ্শনকালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উৰণ সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূর্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। প...

July 6, 2026 7:31 PM

views 26

গোলাঘাটৰ মেৰাপানীৰ সৰুপানী অঞ্চলত নাগালেণ্ড প্ৰশাসনৰ লোকে ৩০০টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি

অসম-নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ সৰুপানী অঞ্চলত আজি নাগালেণ্ড প্ৰশাসনৰ লোকে ৩০০টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে দাবী কৰা মতে অসমৰ ভুখণ্ডত নাগালেণ্ড প্রশাসনে চলোৱা এই কাৰ্যত অঞ্চলটোৰ আবাসীসকলৰ মাজত অসন্তোষ পৰিলক্ষিত হয়। আনহাতে, পিয়ল কৰিবলৈ অহা লোকসকলে স্থানীয় লোকসকলক নাগালেণ্ডৰ ফালৰ পৰা বিদ্যুৎ যোগানসহ বিভিন্ন সা-সুবিধা প্ৰদান কৰা হ'ব বুলি অৱগত কৰাৰ কথা জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উপযুক্ত তদন্ত আৰু চৰ...