July 11, 2026 6:51 PM

views 18

শিৱসাগৰৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান মুকলি

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সু-সংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা...

July 11, 2026 6:20 PM

views 17

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামুলপুৰৰ বিধায়ক তথা মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্রশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰীদৈমাৰীয়ে এই বিনামুলীয়া প্রশিক্ষণে স্থানীয় ছাত্র-ছাত্রীসকলক প্...

July 10, 2026 7:01 PM

views 17

প্ৰধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয় যোজনাৰ অধীনত ধেমাজিৰ ১৭৬ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ মূলধনী অনুদান বিতৰণ

অনুসূচীত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত ১৭৬ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু জিলা মিছন মেনজমেণ্ট ইউনিটৰ ধেমাজি জিলাৰ উদ্যোগত জিলাখনৰ চিলাৰায় ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত আত্মসহায়ক গোটসমূহৰ মাজত এই অনুদান বিতৰণ কৰা হয়। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই অনুমোদন পত্ৰসমূৰ বিতৰণ কৰে।...

July 8, 2026 1:13 PM

views 17

ৰাজ্যৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙৰ লেকাইত হ’বলগীয়া সম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ, অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শনকালত প্ৰস্তাৱিত ভূমিৰ উপযোগিতা, মূল্যায়ন আৰু প্ৰতিষ্ঠানটোৰ স্থাপনৰ বাবে অপৰিহাৰ্য বিভিন্ন বিষয় পর্যালোচনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কাৰিকৰী শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰকল...

July 8, 2026 12:46 PM

views 19

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেকট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব’ৰ্ডে নতুন ভাৰাৰ তালিকাত অনুমোদন জনাইছে। ব'ৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাৰাৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নির্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলৱৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব'ৰ্ডৰ এই নিয়ন্ত্ৰিত ভাৰাৰ তালিকাৰ ফলত এতিয়াৰে পৰা ই ভি অটোচালক আৰু যাত্ৰীৰ মাজত ভাৰাক ...

July 7, 2026 7:45 PM

views 22

চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ

যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নির্মাণস্থলী পৰিদৰ্শনকালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উৰণ সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূর্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। প...

July 6, 2026 7:31 PM

views 24

গোলাঘাটৰ মেৰাপানীৰ সৰুপানী অঞ্চলত নাগালেণ্ড প্ৰশাসনৰ লোকে ৩০০টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি

অসম-নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ সৰুপানী অঞ্চলত আজি নাগালেণ্ড প্ৰশাসনৰ লোকে ৩০০টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে দাবী কৰা মতে অসমৰ ভুখণ্ডত নাগালেণ্ড প্রশাসনে চলোৱা এই কাৰ্যত অঞ্চলটোৰ আবাসীসকলৰ মাজত অসন্তোষ পৰিলক্ষিত হয়। আনহাতে, পিয়ল কৰিবলৈ অহা লোকসকলে স্থানীয় লোকসকলক নাগালেণ্ডৰ ফালৰ পৰা বিদ্যুৎ যোগানসহ বিভিন্ন সা-সুবিধা প্ৰদান কৰা হ'ব বুলি অৱগত কৰাৰ কথা জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উপযুক্ত তদন্ত আৰু চৰ...

July 6, 2026 6:34 PM

views 17

ওদালগুৰিৰ খৈৰাবাৰীত গাঁওৰক্ষী বাহিনীৰ সভা অনুষ্ঠিত

ওদালগুৰি জিলাৰ খৈৰাবাৰীত আজি গাঁওৰক্ষী বাহিনীৰ এখন সভা অনুষ্ঠিত হয়। ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত গাঁওৰক্ষী বাহিনীৰ সদস্যসমূহক সক্ৰিয় হৈ অসামাজিক কাম-কাজৰ ওপৰত সতর্কদৃষ্টি ৰাখিবলৈ উৎসাহিত কৰা হয়। সভাত চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা ছাতি সদস্যসকলৰ মাজত বিতৰণ কৰা হয়৷

July 6, 2026 6:29 PM

views 22

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধিকাৰগৰাকীক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি সমন্বয়ৰক্ষীৰ সমিতিৰ তৎপৰতাত সত্ৰৰ ভকতসকলে তেওঁ চিকিৎসাৰ তদাৰক কৰি আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জ...

July 6, 2026 6:25 PM

views 20

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত পৰিষদে এই সন্দৰ্ভত অৱস্থান ধৰ্মঘট আদি কাৰ্যসূচী হাতত লৈছে। বজালী জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত চাৰি-দফীয়া দাবী উত্থাপনেৰে দুখন পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়ন স্বাক্ষৰিত স্মাৰক-পত্ৰ অসমৰ বান গৰাখহনীয়াৰ ফলত কৃষি, অ...