দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পুখুৰীত মৃতদেহ উদ্ধাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পুখুৰীত আজি দিনৰভাগত এটা মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎ‍সালয়লৈ প্ৰেৰণ কৰে।

মৃত যুৱকজন মহাবিদ্যালয়ৰ কাষৰীয়া দাফাদাৰপাৰা গাঁৱৰ ছপিয়াল হুছেইন বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে যোৱা নিশা মহাবিদ্যালয়খনত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত অংশ লৈছিল বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে ঘটনা তদন্ত অব্যাহত ৰাখিছে।