শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ হৈছে।

পথছোৱাত নিৰাপদ যাতায়াতৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণে পূৰ্বৰ নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ প্ৰত্যাহাৰ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১২ আগষ্টত প্ৰাধীকৰণে এই পথছোৱাত যানবাহনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিছিল। অৱশ্যে পথছোৱা বৰ্তমান পুনৰ মুকলি কৰা হৈছে যদিও বৰ্তমানলৈকে এই পথছোৱাৰে গাড়ী-মটৰ চলাচলৰ ক্ষেত্ৰত কিছু নিশেধাজ্ঞা আৰোপ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।