July 6, 2026 6:34 PM

views 19

ওদালগুৰিৰ খৈৰাবাৰীত গাঁওৰক্ষী বাহিনীৰ সভা অনুষ্ঠিত

ওদালগুৰি জিলাৰ খৈৰাবাৰীত আজি গাঁওৰক্ষী বাহিনীৰ এখন সভা অনুষ্ঠিত হয়। ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত গাঁওৰক্ষী বাহিনীৰ সদস্যসমূহক সক্ৰিয় হৈ অসামাজিক কাম-কাজৰ ওপৰত সতর্কদৃষ্টি ৰাখিবলৈ উৎসাহিত কৰা হয়। সভাত চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা ছাতি সদস্যসকলৰ মাজত বিতৰণ কৰা হয়৷

July 6, 2026 6:29 PM

views 23

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধিকাৰগৰাকীক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি সমন্বয়ৰক্ষীৰ সমিতিৰ তৎপৰতাত সত্ৰৰ ভকতসকলে তেওঁ চিকিৎসাৰ তদাৰক কৰি আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জ...

July 6, 2026 6:25 PM

views 24

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত পৰিষদে এই সন্দৰ্ভত অৱস্থান ধৰ্মঘট আদি কাৰ্যসূচী হাতত লৈছে। বজালী জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত চাৰি-দফীয়া দাবী উত্থাপনেৰে দুখন পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়ন স্বাক্ষৰিত স্মাৰক-পত্ৰ অসমৰ বান গৰাখহনীয়াৰ ফলত কৃষি, অ...

July 4, 2026 7:31 PM

views 28

মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুসংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশু পালন, মৎস্য পালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্রশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ জীৱনজ্যোতি য়েইন, ড০ ভৈৰৱ গগৈ আৰু ড০ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃ...

July 4, 2026 7:35 PM

views 27

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ অব্যাহত

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত ১৭ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে, এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত দুজন আৰু নগৰবেৰা আৰু ছয়গাওঁত একোজনকৈ লোকৰ মৃত্যু হৈছে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোৱা দিয়া, ঔষধ মিহলি আঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰ আয়োজন কৰি আহিছে। জিলাখনৰ বকো, ছয়গাওঁ, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলি আৰু হাজো আদি অঞ্চলত ধোৱা দিয়া হৈছে। তদুপৰি গাহৰী থ...

July 4, 2026 7:03 PM

views 29

যোৰহাটৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকীক আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে

যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকী আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোত কিছুদিন ধৰি নাহৰফুটুকীয়ে অবাধ বিচৰণ কৰাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ-জন্তু আক্রমণ কৰি আহিছিল। ইয়াৰ পাছতে বন বিভাগে যোৱা ২৭ জুনত অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে। বন বিভাগে জনোৱা মতে, আজি আৱদ্ধ হোৱা বাঘটো স্বাস্থ্য পৰীক্ষাৰ অন্তত নিৰাপদ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব।

July 2, 2026 6:51 PM

views 26

গুৱাহাটীৰ শিলপুখুৰীৰ দীপক সংঘৰ সৌজন্যত আজিৰে পৰা বৰগীত, লোকগীত আৰু বনগীতৰ গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত

গুৱাহাটীৰ শিলপুখুৰীৰ দীপক সংঘৰ সৌজন্যত আজিৰে পৰা বৰগীত, লোকগীত আৰু বনগীতৰ গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত বয়সৰ কোনো নিৰ্দিষ্ট সীমা ৰখা হোৱা নাই, সেয়ে সকলোৱে কৰ্মশালাখনত অংশগ্ৰহণ কৰিব পাৰিব। শিলপুখুৰীৰ নৱগ্ৰহ পথৰ দীপক সংঘৰ প্ৰাঙ্গনত প্ৰতি দিনে পুৱা ১০ বজাৰ পৰা কৰ্মশালা অনুষ্ঠিত হ'ব। ৭ জুলাইত কৰ্মশালাৰ সামৰণি পৰিব৷

July 1, 2026 2:19 PM

views 19

শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি ১৮টাকৈ স্বাস্থ্য শিবিৰ মুকলি

শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি ১৮টাকৈ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে। ইয়াৰ জৰিয়তে গাইটাপু, বিন্দেটাপু, ফৰচে, তিনটিকীয়া, পশ্চিম লালটাপুকে ধৰি চৰ অঞ্চলৰ মুঠ ১৩ খন গাঁৱৰ ৰাইজে স্বাস্থ্যসেৱা লাভ কৰিছে। এই নৌকা ক্লিনিকত এগৰাকী চিকিৎসা বিষয়া, এগৰাকী এ এন এম, এজন ফাৰ্মাচিষ্ট, এজন পৰীক্ষাগাৰ কৰ্মী আৰু অন্যান্য সহকাৰী স্বাস্থ্যকর্মীয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে। তেওঁলোকে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰতি...

July 1, 2026 1:28 PM

views 19

দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন

দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত ৫ বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে। উল্লেখযোগ্য যে ১৯৮৩ চনৰ ১ জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা তিনিখন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত ৫ বছৰৰ পৰা পহিলা জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্ত প্রদীপ টিমুঙে আজি পুৱা সমূহীয়া দৌৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। গোৱালপাৰা জিলা দিৱস উপলক্ষে বিত্ত, বন আৰু পৰিৱে...

July 1, 2026 12:49 PM

views 30

চিৰাং জিলাৰ গাৰুভাষাত কালি বজ্ৰপাতৰ ফলত দুজন যুৱক মৃত্যু

চিৰাং জিলাৰ গাৰুভাষাত কালি বজ্ৰপাতৰ ফলত দুজন যুৱক মৃত্যু হয়। মৃত যুৱক দুজন জেখনিয়া কিস্কু আৰু ইছাও টুডু বুলি জানিব পৰা গৈছে। এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।