April 3, 2024 8:32 PM

views 111

ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়াক পদৰ পৰা অপসাৰণ

♦ ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়া দুগৰাকীক আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই পদৰ পৰা অপসাৰণ কৰে৷ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া কুলভূষণ পেগু আৰু মঙলদৈৰ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক পদৰ পৰা অপসাৰণ কৰে। একেটা আদেশযোগে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত ছৰফৰাজ হকক জিলাখনৰ নিৰ্বাচনী বিষয়া আৰু দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শ‍ইকীয়াক মঙলদৈৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

April 3, 2024 5:51 PM

views 63

তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত ‘সাৰথি বাইদেউ’ৰ প্ৰতিকৃতি মুকলি

♦ চলিত লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভঙ্কৰ এটি আজি তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। এই উপলক্ষে দিয়া চমু ভাষণত তেওঁ কয় যে, তিনিচুকীয়া জিলাত যাতে এইবাৰৰ নিৰ্বাচনত এশ শতাংশ ভোটদান নিশ্চিত হয় তাৰবাবে এই সাৰথি বাইদেউ সকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটাধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’- এই শ্লোগান গাঁৱে-ভূঁঞে বিয়পাই দিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-ক...

April 2, 2024 12:22 PM

views 122

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বৈঠক

♦ গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনত ধুমুহা, শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতি আৰু এইক্ষেত্ৰত গ্ৰহণ কৰা সাহায্য অভিযানৰ সন্দৰ্ভত আলোচনা কৰা হয়। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত  লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা  লগতে ধ...

March 31, 2024 9:00 PM

views 95

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। কোকৰাঝাৰ জিলাৰ দতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমাধিস্থলত সদৌ বড়ো ছাত্ৰ সন্থাই এই দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ সভাপতি দীপেন বড়োৱে পতাকা উত্তোলন কৰাৰ লগতে বডোফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে। ইয়াৰ পাছতে আয়োজিত মুকলি সভাত ৰাজ্যৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰ্থ নাৰ্জাৰী, লেখক তথা সাংবাদিক ৰূপা চিনাইৰ লগতে ...

March 31, 2024 7:43 PM

views 76

দিনজোৰা কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন

বিগত বছৰৰ দৰে আজি কামৰূপ জিলা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ ঐতিহাসিক পটভূমি আৰু কামৰূপ জিলাৰ পৰ্যটন বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। তদুপৰি জিলা দিৱসৰ কাৰ্যসূচীত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদান প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্ব সম্পর্কে সজাগতা সৃষ্টিৰ বাবে শুভংকৰ আৰু সংগীত উন্মোচনৰ লগতে ব্ৰেণ...

March 27, 2024 6:01 PM

views 86

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা বিজেপিকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী কেশৱ মহন্ত আৰু সমৰ্থকৰ উপস্থিতিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰি তপন কুমাৰ গগৈক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ৷ ১০ নম্বৰ কাজিৰঙা লোকসভা সমষ্টিত অন্তিম দিনা ৯ গ...