বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। কোকৰাঝাৰ জিলাৰ দতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমাধিস্থলত সদৌ বড়ো ছাত্ৰ সন্থাই এই দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ সভাপতি দীপেন বড়োৱে পতাকা উত্তোলন কৰাৰ লগতে বডোফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে। ইয়াৰ পাছতে আয়োজিত মুকলি সভাত ৰাজ্যৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰ্থ নাৰ্জাৰী, লেখক তথা সাংবাদিক ৰূপা চিনাইৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্ত উপস্থিত থাকে। বিটিচি প্রশাসনেও বডোফাৰ জন্ম বার্ষিকী উপলক্ষে বিটিচি সচিবালয়ৰ সম্মুখত থকা বডোফাৰ প্ৰতিমূৰ্তিত পুস্পমাল্য তৰ্পনৰ লগতে ভালেমান কার্যসূচী গ্ৰহণ কৰে। তামুলপুৰ জিলাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিয়ে আজি ছাত্ৰ দিৱস উদযাপন কৰে। কাৰ্যসূচীৰ অংশ হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাই পতাকা উত্তোলনৰ লগতে বড়ো জনগোষ্ঠীৰ ধৰ্মীয় আজ পৰিবেশন কৰি উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্ৰজলন কৰে। তদুপৰি শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাই বডোফাৰ আদৰ্শক সন্মান জনায়। সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ বড়ো লিটাৰেৰী ছোচাইটি আৰু এন এছ এছ অ’ৰ উদ্যোগত বডোফাৰ জন্মবার্ষিকী উপলক্ষে আজি ছাত্ৰ দিৱসৰ কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড° কল্পনা বৈশ্য, সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° নমিতা দাস গুৰুঙৰ লগতে কেবাগৰাকী ব্যক্তি উপস্থিত থাকে। আজি এই অনুষ্ঠানৰ অংশ হিচাপে পুৱাৰ ভাগত গছপুলি ৰোপণ কাৰ্যসূচী লোৱা হয়। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি মহাবিদ্যালয়তো আজি ছাত্ৰ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে বক্তাসকলে বডোফাৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কত আলোকপাত কৰে।
Assamese | March 31, 2024 9:00 PM | Local news
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন