May 7, 2024 9:36 PM

views 48

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত যোৱা নিশা এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। জিলাখনৰ আওজাৰগুৰি গাওঁৰ ধনীৰাম নাৰ্জাৰী নামৰ লোকজনৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ লগতে আন এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, যোৱা নিশা অঞ্চলটোৰ এটা পৰিয়ালৰ বাৰীত সোমাই হাতীটোৱে উপদ্রপ চলোৱাৰ সময়ত হাতীটো খেদিবলৈ যাওতে হাতীটোৱে ওলোতাই আক্ৰমণ কৰাত এজন লোক থিতাতে নিহত হয় আৰু আন এজন গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে যোৱা ১৫ দিনৰ ভিতৰত বনৰীয়া হাতীৰ আক্ৰমণত তা...

May 7, 2024 1:00 PM

views 67

শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বৈঠক

♦ শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ চাহ বাগিছাসমূহত এই ৰোগসমূহ প্ৰতিৰোধ কৰিবলৈ শ্ৰমিকসকলক বিশুদ্ধ খোৱাপানী ব্যৱহাৰৰ বাবে সজাগ কৰিবলৈ প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৩৬ খন চাহ বাগিছাৰ চিকিৎসা বিষয়া আৰু শ্রমিক কল্যাণ বিষয়াই অংশ লোৱা এই বৈঠকত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে ৰোগসমূহ প্ৰতিৰোধ কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ এখন চাহ বাগিছাত ...

May 6, 2024 12:22 PM

views 48

ইম্ফলত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিৰ

♦ মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিয়ে কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি কৰে। মণিপুৰৰ বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিয়ে ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সাহায্য শিবিৰ সমূহত থকা শিশুসকলক শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সেৱাৰ বাহনখনত এগৰাকী শিক্ষকৰ লগতে এটা পুথিভঁৰাল, কম্পিউটাৰ আৰু খেলৰ সামগ্ৰী থাকিব। বাহনখনে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা সাহায্য শিবিৰসমূহ ভ্ৰমণ কৰি শিশুসকলক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব। অনুষ্ঠানত দিয়া ভাষণত ৰ...

May 5, 2024 7:13 PM

views 43

কাৰ্বি সাহিত্য সভাৰ উদ্যোগত ডিফুত দিনজোৰা মত-বিনিময় অনুষ্ঠান

কাৰ্বি সাহিত্য সভা অর্থাৎ কাৰ্বি লামমেত আমেইৰ উদ্যোগত আজি ডিফুত থকা সভাৰ মুখ্য কাৰ্যালয়ত প্রাক্তন সভাপতি, সম্পাদক আৰু সদস্যসকলৰ সৈতে এটা দিনজোৰা মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে সভাৰ সম্পাদক কান্সিং হান্সেৰ পৌৰোহিত্যত আয়োজিত অনুষ্ঠানটোত প্রাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে। বক্তাসকলে ১৯৬৬ চনত গঠিত কাৰ্বি সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা উল্লেখ কৰি কাৰ্বি ভাষাৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সমাগ্ৰহণৰ বাবে পূৰ্ণাংগ ব্যাকৰণ তথা অভিধান প্ৰণয়ন কৰিবলৈ পৰ...

May 1, 2024 8:59 PM

views 98

বাক্সাৰ শালবাৰীত বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন

বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত খাম চিফুঙৰ তালে তালে বড়ো যুৱতীসকলে বাগৰুম্বা নৃত্য কৰা দৃশ্যই সকলোকে আপ্লুত কৰে। আবেলিৰ ভাগত বৈশাগু নৃত্য প্ৰতিযোগিতা, মুকলি সভা আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

April 21, 2024 6:46 PM

views 52

তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়। তেজপুৰ সাহিত্য সভাৰ সভাকক্ষত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন কাব্য গ্ৰন্থ আৰু এখন চুটি গল্প সংকলন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সভাত বাণ থিয়েটাৰ, তেজপুৰ বিশ্ববিদ্যালয় আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ সৈতে জড়িত ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে প্রথম অসমীয়া ঔপন্যাসিকগৰাকীৰ স...

April 7, 2024 6:45 PM

views 63

বাক্সা, তামুলপুৰ আৰু  কামৰূপ নির্বাচনী জিলাত প্ৰশাসনৰ ভোটাৰ সজাগতা তথা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণ ভোটগ্রহণৰ প্ৰস্তুতি

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে ৰাজ্যজুৰি ভোটদাতাসকলৰ বাবে সজাগতা কাৰ্যসূচীৰ আয়োজনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ বিভিন্ন ঠাইত আজি নির্বাচনী সজাগতামূলক কেইবাখনো সভা অনুষ্ঠিত হয়। ইয়াৰে কেইখনমান সভাত সংগীত শিল্পী মণিষা হাজৰিকাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কাৰ্যসূচীসমূহৰ জৰিয়তে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিতো চাৰি শতাধিক শিক্ষাৰ্থীক লৈ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ...

April 7, 2024 1:27 PM

views 72

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ অভিযানত মহানগৰীত বুজন পৰিমাণৰ মেচিনত প্ৰস্তুত  গামোচা জব্দ

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে মহানগৰীৰ গণেশগুৰিত অভিযান চলাই কালি বুজন পৰিমাণৰ মেচিনত প্ৰস্তুত কৰা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে, অসমীয়া গামোচাই ভৌগোলিক মান্যতা লাভ কৰাৰ পাছত একাংশ অসাধু ব্যৱসায়ীয়ে ৰঙালী বিহুৰ সুযোগ লৈ যাতে মেচিনত নিৰ্মিত গামোচা বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে কঠোৰ পদক্ষেপ লৈছে।

April 7, 2024 1:04 PM

views 60

গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত

গোৱালপাৰা জিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত হোৱাৰ লগতে ৭ গৰাকী আহত হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, দুধনৈ থানাৰ অন্তর্গত আমজোঙাৰ দীনদয়াল মহাবিদ্যালয়ৰ সমীপত বনভোজকাৰী দলৰ এখন বাহনে এখন সামগ্ৰী কঢ়িওৱা বাহনক খুন্দিওৱাৰ ফলত দলটোৰ দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন ৬ জন গুৰুতৰভাৱে আহত হয়। আনহাতে, আগিয়া থানাৰ অন্তৰ্গত কল্যাণপুৰত বাছ আৰু ডাম্পাৰৰ মাজত হোৱা আন এটা দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছে।

April 7, 2024 12:59 PM

views 61

মঙলদৈ, হাইলাকান্দি জিলাত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচী

মঙলদৈ জিলা পুথিভৰাঁলত সূক্ষ্ম পর্যবেক্ষকসকলৰ এখন দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা ২৫৯ জন সূক্ষ্ম পর্যবেক্ষকক এই কাৰ্যসূচীত প্রশিক্ষণ দিয়া হয়। ইতিমধ্যে জিলাখনৰ দলগাঁও, মঙলদৈ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটগ্রহণকাৰী বিষয়াসকলৰ প্রশিক্ষণ সম্পন্ন হৈছে। ইফালে জিলাখনত ভোটদাতা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্রহণত অংশগ্রহণ কোষ অর্থাৎ ছুইপে বিভিন্ন সজাগতামূলক কার্যসূচী গ্রহণ কৰিছে। জিলাখনত তিনিটা বিধানসভা...