May 11, 2024 8:01 PM

views 53

ইণ্ডিয়ান অইল ক’ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত নগাঁৱত সজাগতামূলক কার্যসূচী

ভাৰত চৰকাৰৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত ইণ্ডিয়ান অইল ক'ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত আজি নগাঁৱত এটা সজাগতামূলক কার্যসূচী গ্ৰহণ কৰা হয়। নগাঁও নাট্যমন্দিৰত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ ৰন্ধন গেছৰ বিভিন্ন বিতৰকৰ যোগান ধৰোতা আৰু মেকানিক সকলৰ সৈতে মত বিনিময় অনুষ্ঠান সম্পন্ন কৰা হয়। এই অনুষ্ঠানত ইণ্ডিয়ান অইলৰ ৰাজ্যিক কাৰ্যলয়ৰ মহাপ্রবন্ধক দিনেশ প্রসাদ বিদ্যার্থীকে ধৰি কেইবাজনো বিষয়াই অংশগ্রহণ কৰে। ইয়াৰ লগতে নগাঁৱৰ অগ্নি নির্বাপক বাহিনীৰ সহযোগতো অগ্নি প্ৰতিৰোধ...

May 11, 2024 7:59 PM

views 75

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কালিৰে পৰা ৩দিনীয়াকৈ ফাট বিহুৰ অনুষ্ঠিত

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি দ্বিতীয় দিনাও বিহুতলিত উখল মাখল পৰিবেশে বিৰাজ কৰে। ঢোল, পেঁপা, গগনাৰ মাতেৰে ফাট বিহুতলি মুখৰ হৈ উঠিছে। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা এই বিহুৰ আজি দ্বিতীয় দিনা বর্ণিল কার্যসূচী ৰূপায়ণ কৰা হয়। কপৌ ফুল আৰু গছপুলি ৰোপণেৰে আজি ফাট বিহুৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে গামোচা প্ৰতিযোগিতা, হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি ফাট বিহুৰ বছৰেকীয়া স্মৰণিকা বিহুৱান আজি উন্মোচন কৰা হয়।...

May 11, 2024 7:58 PM

views 48

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰীৰ বিলাসীপাৰাৰ বৰবৰুৱাঝাৰ গাঁও আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই তিনিটা মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক আটক কৰে। উল্লেখযোগ্য যে কিছুদিন আগেয়ে অঞ্চলটোত আৰক্ষীয়ে কেইবাজনো মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে চলোৱা দুটা সুকীয়া অভিযানত দুজন মাদক দ্রব্য সৰবৰাহকাৰীক আটক কৰা হৈছে। ৰূপহীহাটৰ কুচগাঁও আৰু তামুলীটুপত যোৱা নিশা চলোৱা অভিযানত আৰক্ষীয়ে লোক দুজনক আটক কৰে। ধৃত লোক দুজনৰ পৰা আৰক্ষী...

May 11, 2024 5:56 PM

views 70

আজিৰে পৰা দুদিনীয়াকৈ মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ মুকলি কৰা হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ইকো ক্লাবৰ দুই শতাধিক ছাত্র- ছাত্ৰীয়ে এই শিবিৰত অংশ লৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই শিবিৰ মুকলি কৰি বন ধ্বংসৰ দৰে কাম কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ হেমন্ত কুমাৰ নাথ আৰু অ...

May 11, 2024 5:48 PM

views 73

দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্রান্তীয়, পথ দুর্ঘটনা, বেংক ঋণ আদিৰ গোচৰ খৰতকীয়াকৈ নিষ্পত্তি কৰা হয়।

May 11, 2024 5:43 PM

views 66

মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত ৬ মে’ৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি

গুৱাহাটীৰ পাটগাঁৱৰ এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ উদ্যোগত আৰু মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত যোৱা ৬ মেৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি পৰিছে। এই অনুশীলন কাৰ্যসূচীত বানৰ লগতে অগ্নিকাণ্ডকে ধৰি বিভিন্ন দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় কৌশল বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হয়।

May 9, 2024 9:02 PM

views 47

আক্ৰাছুৰ উদ্যোগত অহা ১১ মে’ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ আয়োজন

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰাবাৰী হাতীবান্ধা আঞ্চলিক সমিতি আৰু টংলা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত অহা ১১ মে'ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিৰ সমাৰোহৰ আয়োজন কৰা হৈছে। সেইদিনা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছত স্মৃতি তৰ্পন আৰু গছপুলি ৰোপণ আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া সাংস্কৃতিক সমাৰোহত বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান পৰিবেশন কৰা হ'ব।

May 9, 2024 8:58 PM

views 55

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনে পৰৱৰ্ত্তী সময়ত এইমছৰ সৈতে মিলিত হৈ শৈক্ষিক আৰু কাৰিকৰী দিশত সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইমছৰ কার্যবাহী স...

May 9, 2024 8:51 PM

views 47

তামুলপুৰৰ দৰঙাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা

তামুলপুৰ জিলাৰ অন্তৰ্গত এন কে দৰঙাত আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাখনৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ এন কে দৰঙাত চলি থকা মাদক দ্ৰব্যৰ বেহাৰ লগতে তিৰ, জুৱা আদিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি সভাত অবৈধ কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও কাৰ্যপন্থা গ্ৰহণ কৰাৰ লগতে সন্দেহজনক ব্যক্তিক দেখিলে প্ৰশাসনক খবৰ দিবলৈ ৰাইজক আহ্বান জনোৱা হয়।

May 9, 2024 8:35 PM

views 47

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত অস্ত্রসহ দুজনক আটক

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত আজি চি আৰ পি এফে দুজন যুৱকক অস্ত্রসহ আটক কৰে। যুৱক দুজনৰ পৰা এটা ৯ এম এম পিষ্টল আৰু ৫ জাই গুলি জব্দ কৰা হৈছে। জানিব পৰা মতে, নাগালেণ্ডৰ যুৱকজনে পিষ্টল বিক্ৰী কৰিবলৈ চিংফাঙলৈ অহাৰ সম্ভেদ পাই চি আৰ পি এফৰ দলে অভিযান চলাই যুৱক দুজনক আটক কৰে। সম্প্ৰতি দুয়োজনকে মথুৰাপুৰ থানাত গটাই দিয়াৰ লগতে জেৰা কৰি থকা হৈছে।