May 11, 2024 5:56 PM

views 68

আজিৰে পৰা দুদিনীয়াকৈ মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ মুকলি কৰা হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ইকো ক্লাবৰ দুই শতাধিক ছাত্র- ছাত্ৰীয়ে এই শিবিৰত অংশ লৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই শিবিৰ মুকলি কৰি বন ধ্বংসৰ দৰে কাম কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ হেমন্ত কুমাৰ নাথ আৰু অ...

May 11, 2024 5:48 PM

views 66

দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্রান্তীয়, পথ দুর্ঘটনা, বেংক ঋণ আদিৰ গোচৰ খৰতকীয়াকৈ নিষ্পত্তি কৰা হয়।

May 11, 2024 5:43 PM

views 63

মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত ৬ মে’ৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি

গুৱাহাটীৰ পাটগাঁৱৰ এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ উদ্যোগত আৰু মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত যোৱা ৬ মেৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি পৰিছে। এই অনুশীলন কাৰ্যসূচীত বানৰ লগতে অগ্নিকাণ্ডকে ধৰি বিভিন্ন দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় কৌশল বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হয়।

May 9, 2024 9:02 PM

views 44

আক্ৰাছুৰ উদ্যোগত অহা ১১ মে’ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ আয়োজন

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰাবাৰী হাতীবান্ধা আঞ্চলিক সমিতি আৰু টংলা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত অহা ১১ মে'ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিৰ সমাৰোহৰ আয়োজন কৰা হৈছে। সেইদিনা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছত স্মৃতি তৰ্পন আৰু গছপুলি ৰোপণ আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া সাংস্কৃতিক সমাৰোহত বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান পৰিবেশন কৰা হ'ব।

May 9, 2024 8:58 PM

views 54

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনে পৰৱৰ্ত্তী সময়ত এইমছৰ সৈতে মিলিত হৈ শৈক্ষিক আৰু কাৰিকৰী দিশত সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইমছৰ কার্যবাহী স...

May 9, 2024 8:51 PM

views 45

তামুলপুৰৰ দৰঙাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা

তামুলপুৰ জিলাৰ অন্তৰ্গত এন কে দৰঙাত আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাখনৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ এন কে দৰঙাত চলি থকা মাদক দ্ৰব্যৰ বেহাৰ লগতে তিৰ, জুৱা আদিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি সভাত অবৈধ কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও কাৰ্যপন্থা গ্ৰহণ কৰাৰ লগতে সন্দেহজনক ব্যক্তিক দেখিলে প্ৰশাসনক খবৰ দিবলৈ ৰাইজক আহ্বান জনোৱা হয়।

May 9, 2024 8:35 PM

views 43

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত অস্ত্রসহ দুজনক আটক

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত আজি চি আৰ পি এফে দুজন যুৱকক অস্ত্রসহ আটক কৰে। যুৱক দুজনৰ পৰা এটা ৯ এম এম পিষ্টল আৰু ৫ জাই গুলি জব্দ কৰা হৈছে। জানিব পৰা মতে, নাগালেণ্ডৰ যুৱকজনে পিষ্টল বিক্ৰী কৰিবলৈ চিংফাঙলৈ অহাৰ সম্ভেদ পাই চি আৰ পি এফৰ দলে অভিযান চলাই যুৱক দুজনক আটক কৰে। সম্প্ৰতি দুয়োজনকে মথুৰাপুৰ থানাত গটাই দিয়াৰ লগতে জেৰা কৰি থকা হৈছে।

May 7, 2024 9:36 PM

views 46

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত যোৱা নিশা এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। জিলাখনৰ আওজাৰগুৰি গাওঁৰ ধনীৰাম নাৰ্জাৰী নামৰ লোকজনৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ লগতে আন এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, যোৱা নিশা অঞ্চলটোৰ এটা পৰিয়ালৰ বাৰীত সোমাই হাতীটোৱে উপদ্রপ চলোৱাৰ সময়ত হাতীটো খেদিবলৈ যাওতে হাতীটোৱে ওলোতাই আক্ৰমণ কৰাত এজন লোক থিতাতে নিহত হয় আৰু আন এজন গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে যোৱা ১৫ দিনৰ ভিতৰত বনৰীয়া হাতীৰ আক্ৰমণত তা...

May 7, 2024 1:00 PM

views 66

শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বৈঠক

♦ শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ চাহ বাগিছাসমূহত এই ৰোগসমূহ প্ৰতিৰোধ কৰিবলৈ শ্ৰমিকসকলক বিশুদ্ধ খোৱাপানী ব্যৱহাৰৰ বাবে সজাগ কৰিবলৈ প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৩৬ খন চাহ বাগিছাৰ চিকিৎসা বিষয়া আৰু শ্রমিক কল্যাণ বিষয়াই অংশ লোৱা এই বৈঠকত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে ৰোগসমূহ প্ৰতিৰোধ কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ এখন চাহ বাগিছাত ...

May 6, 2024 12:22 PM

views 45

ইম্ফলত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিৰ

♦ মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিয়ে কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি কৰে। মণিপুৰৰ বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিয়ে ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সাহায্য শিবিৰ সমূহত থকা শিশুসকলক শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সেৱাৰ বাহনখনত এগৰাকী শিক্ষকৰ লগতে এটা পুথিভঁৰাল, কম্পিউটাৰ আৰু খেলৰ সামগ্ৰী থাকিব। বাহনখনে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা সাহায্য শিবিৰসমূহ ভ্ৰমণ কৰি শিশুসকলক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব। অনুষ্ঠানত দিয়া ভাষণত ৰ...