কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ মুকলি কৰা হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ইকো ক্লাবৰ দুই শতাধিক ছাত্র- ছাত্ৰীয়ে এই শিবিৰত অংশ লৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই শিবিৰ মুকলি কৰি বন ধ্বংসৰ দৰে কাম কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ হেমন্ত কুমাৰ নাথ আৰু অসম বিজ্ঞান সমিতিৰ উপ সভাপতি নিৰোধ বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | May 11, 2024 5:56 PM | AIR GUWAHATI | Guwahati | Local news
আজিৰে পৰা দুদিনীয়াকৈ মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ