May 19, 2024 9:00 PM

views 55

গুৱাহাটীৰ খানাপাৰাত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক

জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এখন বৈঠক আজি গুৱাহাটীৰ খানাপাৰাৰ বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হয়। বিভিন্ন জনজাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত সমিতিৰ মুখ্য সমন্বয়ক তথা সদৌ অসম জনজাতীয় সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে কয় যে, জুলাইৰ প্ৰথম ভাগত গুৱাহাটীত ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকলৰ উপস্থিতিত এখন শিক্ষা সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বি...

May 19, 2024 8:52 PM

views 60

আৰণ্যকৰ উদ্যোগত কাজিৰঙাৰ পৰা ওৰাঙলৈ সজাগতামূলক চাইকেল ৰেলী

প্রকৃতিপ্রেমী সংগঠন আৰণ্যকৰ উদ্যোগত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু গঁড় সুৰক্ষাৰ বাবে কাজিৰঙাৰ পৰা ওৰাঙলৈ এটা সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আয়োজন কৰা ৰেলীটোত ১০ জনীয়া চাইক্লিষ্টৰ এটা দলে অংশগ্ৰহণ কৰে। বোকাখাটত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ৰেলীটোৱে আজি যাত্ৰা আৰম্ভ কৰে। সংৰক্ষণৰ অধিকাৰ শীৰ্ষক বাৰ্তাৰে পৰিচালিত ৰেলীটোৱে তিনি দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ৯০ কিলোমিটাৰ অতিক্ৰম কৰি কলিয়াভোমোৰাত নিশা যাপন কৰিব। কাইলৈ পুৱা প...

May 19, 2024 8:04 PM

views 58

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ ভাবুকি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধীৰেচৰ তাৰাংগাপুৰ গাওঁৰ ৰাইজে বাৰিষাৰ পূৰ্বে চম্পাৱতী নৈৰ খহনীয়াৰ পৰা সমস্যাৰ সন্মুখীন হৈছে। এই গাওঁখনত পূৰ্বেও কেইবাহাজাৰ বিঘা কৃষিভূমি আৰু ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ নৈখনত জাহ গৈছে। অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সমস্যাৰ সমাধান বিচাৰি আহ্বান জনাইছে।

May 19, 2024 7:53 PM

views 60

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নলবাৰীত জনপদ-সংস্কৃত সন্মিলনৰ আয়োজন

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আজি নলবাৰী নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে জনপদ- সংস্কৃত সন্মিলন আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সন্মিলনখন নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীয়ে উদ্বোধন কৰে। সন্মিলনত উপস্থিত বিশিষ্ট বক্তাসকলে সংস্কৃত ভাষাৰ ইতিহাস আৰু বৰ্তমান সময়ৰ ইয়াৰ প্ৰাসংগিকতা সম্পর্কে সমবেতসকলক অৱগত কৰে। উল্লেখযোগ্য যে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জনমুখী উপযোগিতাৰ প্ৰয়াসেৰে প্রতি তিনি বছৰৰ অন্তৰ...

May 19, 2024 7:23 PM

views 55

মানকাচৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক  প্ৰশিক্ষণ কর্মশালা

বাংলাদেশৰ সীমান্তৱৰ্তী মানকাচৰ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক এখন প্ৰশিক্ষণ কর্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ পৰিৱেশ সংঘৰ সহযোগত আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত কর্মশালাখনত মহকুমা কৃষি বিষয়াকে ধৰি ভালেকেইজন কৃষি বিশেষজ্ঞ উপস্থিত থাকে। কৌশল আৰু দক্ষতা বিকাশৰ উদ্দেশ্যেৰে আয়োজিত কর্মশালাখনত ছাত্ৰ-ছাত্ৰীসকলক জৈৱিক পদ্ধতিৰে কেঁচুসাৰ প্ৰয়োগ কৰিব পৰা উন্নতমানৰ কৃষিকাৰ্যৰ সন্দৰ্ভত অৱগত কৰা হয়। এই প...

May 18, 2024 10:38 PM

views 55

সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে বিভিন্ন জিলাত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কেতবোৰ কাৰ্যপন্থা গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাত দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আইনৰ অধীনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহে সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে কেতবোৰ কাৰ্যপন্থা হাতত লৈছে। এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছাট্টাৱানে মহানগৰীত ভূমিস্খলন আৰু কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ লগতে দুৰ্যোগৰ সময়ত হোৱা প্ৰাণহানি ৰোধ কৰাৰ বাবে মহানগৰীখনৰ পাহাৰীয়া অঞ্চলসমূহৰ লগতে জলাশয় আৰু নিম্ন অঞ্চলসমূহত বাৰিষাৰ কালছোৱাত খনন কাৰ্য নকৰিবলৈ নিৰ্দেশ দিছে। যোৰহাটতো জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা দুর্যোগ ব্যৱস্থাপনা প্...

May 18, 2024 10:22 PM

views 69

মৰমৰ যোৰহাট আঁচনিৰ অধীনত টিয়ক হাইস্কুলৰ প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত জনসভা

◊ মৰমৰ যোৰহাট আঁচনিৰ অধীনত আজি যোৰহাট জিলা প্রশাসনে টিয়ক হাইস্কুল প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এখন জনসভা অনুষ্ঠিত কৰে। জিলা আয়ুক্তৰ সভাপতিত্বত আয়োজন কৰা সভাখনত জিলা আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে। পথ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে ৰাইজক যাতায়ত আৰু পৰিবহনৰ সময়ত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত অধিক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। পথ সজাগতা সম্পৰ্কীয় অন্য এটা অনুষ্ঠানত জিলা প্রশাসনিক বিষয়াসকলে ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্...

May 18, 2024 10:03 PM

views 94

আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস

♦ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰীত এই উপলক্ষে শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এলানি কাৰ্যসূচী পালন কৰা হয়৷ শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সভাপতি উমেশ দৈমাৰীয়ে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন আৰু পুস্পাঞ্জলি অর্পন কৰে। অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অ...

May 12, 2024 7:05 PM

views 55

দুধনৈত ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ

জেঠ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰিবলগীয়া ৰাভা জনগোষ্ঠীৰ জাতীয় উৎসৱ বাইখোৰ কাৰণে দুধনৈ আঞ্চলিক ছাত্র সভাই প্রস্তুতি অব্যাহত ৰাখিছে। অহা ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ উদযাপন কৰা হ'ব। দুধনৈ ৰাজহুৱা খেলপথাৰত আজি এই উদ্দেশ্যেৰে আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। উল্লেখযোগ্য যে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বাইখো উৎসৱৰ এই বছৰ ২৫ বছৰ পূর্তি উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হ'ব।

May 12, 2024 12:08 PM

views 58

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠান

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত গুৱাহাটীৰ এটা প্ৰকাশন গোষ্ঠী আৰু সাংবাদিকগৰাকীৰ পৰিয়ালৰ সহযোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয় আচার্য্য ড০ সমুদ্রগুপ্ত কাশ্যপ আৰু সাংবাদিক প্রকাশ মহন্তই স্মাৰক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰাক্তন গ্ৰন্থাগাৰীক ৰবিন্দ্ৰ পাঠক আৰু ল...