বাংলাদেশৰ সীমান্তৱৰ্তী মানকাচৰ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক এখন প্ৰশিক্ষণ কর্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ পৰিৱেশ সংঘৰ সহযোগত আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত কর্মশালাখনত মহকুমা কৃষি বিষয়াকে ধৰি ভালেকেইজন কৃষি বিশেষজ্ঞ উপস্থিত থাকে। কৌশল আৰু দক্ষতা বিকাশৰ উদ্দেশ্যেৰে আয়োজিত কর্মশালাখনত ছাত্ৰ-ছাত্ৰীসকলক জৈৱিক পদ্ধতিৰে কেঁচুসাৰ প্ৰয়োগ কৰিব পৰা উন্নতমানৰ কৃষিকাৰ্যৰ সন্দৰ্ভত অৱগত কৰা হয়। এই প্ৰশিক্ষণত প্ৰায় দুই শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে।
Assamese | May 19, 2024 7:23 PM | Local news
মানকাচৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে কেঁচুসাৰ উৎপাদন আৰু ব্যৱহাৰ বিষয়ক প্ৰশিক্ষণ কর্মশালা