আজি তিনিচুকীয়া জিলা দিৱস

আজি তিনিচুকীয়া জিলা দিৱস। ১৯৮৯ চনৰ ১ অক্টোবৰত তিনিচুকীয়াই পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল। ১৯৭১ চনলৈকে তিনিচুকীয়া, অবিভক্ত লখিমপুৰ জিলাৰ অন্তৰ্ভূক্ত আছিল।

পৰৱৰ্তী সময়ত অবিভক্ত ডিব্ৰুগড় জিলাৰ অধীনত তিনিচুকীয়াৰ প্ৰশাসনিক কাম-কাজ পৰিচালিত হৈছিল। অসম চৰকাৰৰ অধিসূচনা অনুযায়ী ১৯৮৯ চনৰ ১ অক্টোবৰত তিনিচুকীয়াই অসমৰ প্ৰশাসনিক মানচিত্ৰত স্বতন্ত্র জিলাৰূপে স্বীকৃতি লাভ কৰে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ বসতিস্থল তিনিচুকীয়া সাংস্কৃতিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ। জিলা দিৱস উপলক্ষে আজি প্ৰশাসনে তিনিচুকীয়া বাসিক অভিনন্দন জ্ঞাপন কৰিছে।