June 1, 2024 2:11 PM

views 66

বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

♦ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়া তথা অভিযন্তাক প্রয়োজনীয় নির্দেশনা প্রদানৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যে কয় যে, বৰাক উপত্যকাত হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান বোধিবলৈ সম্ভৱপৰ সকলো কাম পর্যায়ক্রমে কৰা হ'ব। বৰাক উপত্যকাত এতিয়ালৈকে ৭টা মথাউৰি ভঙাৰ লগতে বানপীড়িতৰ বাবে কাছাৰত ৭৩টা,...

June 1, 2024 2:01 PM

views 64

যোৰহাটৰ কে বি ৰোডত কাইলৈৰ পৰা ৪ জুন পর্যন্ত পুৱা ৫ বজাৰ পৰা ৯ বজালৈ নগৰৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব

যোৰহাটৰ কে বি ৰোডত নির্মীয়মান ৰে’লৱে অভাৰব্ৰীজত কাম চলাৰ বাবে কাইলৈৰ পৰা ৪ জুন পর্যন্ত পুৱা ৫ বজাৰ পৰা ৯ বজালৈ যোৰহাট নগৰৰ উপকণ্ঠৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাট বৈদ্যুতিক উপসংমণ্ডলে জনোৱা অনুসৰি যোৰহাট ৩, ৭ নং আৰু বৰভেটা ফিডাৰৰ অন্তৰ্গত ছেউনী গাঁও, ডি চি বি ৰোড, জেইল বোড, বৰভেটা, মিছন চৌহদৰ লগতে আটিলা গাঁৱৰ কিছু এলেকাত বিদ্যুৎ সৰবৰাহ বন্ধ থাকিব।

June 1, 2024 1:10 PM

views 81

ৰাজ্যত সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাজ্যখনত এইবাৰৰ বানত ২৫টা ৰাজহ চক্ৰৰ মুঠ ৫৬০ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু ৪ হাজাৰ ৯০০ৰো অধিক হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ বাট আৰু অন্য আন্তঃগা...

May 28, 2024 7:57 PM

views 69

ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে, গেৰুকামুখত এন এইচ পি চি ...

May 28, 2024 5:47 PM

views 85

ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো জিলাত সতর্কতা জাৰি

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূর্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কালিৰেপৰা জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু হৈছে। ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰা...

May 28, 2024 5:28 PM

views 70

ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত

ৰাজ্যত আজি  প্ৰবল ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এগৰাকী ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত মৃত্যুমুখত পৰে। আনফালে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু ঘটে। বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতর্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহে বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ আৰু দক্ষি...

May 26, 2024 6:46 PM

views 36

গ্ৰীষ্ম প্ৰৱাহৰ ফলত তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত হাপানী, ডায়েৰীয়াৰ লগতে ভাইৰেল জ্বৰত আক্ৰান্ত

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰ জিলাতো গ্ৰীষ্ম দাহত জনসাধাৰণ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে হাপানী, ডায়েৰীয়াৰ লগতে সাধাৰণ ভাইৰেল জ্বৰত শিশু আৰু বৃদ্ধ ব্যক্তিসকল চিকিৎসালয়ত ভর্তি হবলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাইজক বিভিন্ন ক্ষেত্ৰত সতৰ্ক হ'বলৈ নাগ্ৰিজুলি আদর্শ চিকিৎ‍সালয়ৰ উপ অধীক্ষক ডাঃ দিগন্ত কুমাৰ বড়োৱে সংবাদ মাধ্যমযোগে আহ্বান জনায়। জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ লগতে নাৰিকলৰ পানী, নেমু চৰবত ইত্যাদি খাবলৈ পৰামৰ্শ আগবঢ়াই উপ অধীক্ষকগৰাকীয়ে ধুলি বালি আৰু প্ৰদূষণৰ ফলত এই সময়ছোৱাত ভাইৰেল ৰোগসম...

May 25, 2024 7:56 PM

views 81

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক এইবাৰৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত যোৱা নিশা আয়োজিত এখন ধর্মালোচনা সভাত সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে ...

May 25, 2024 6:36 PM

views 62

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰঅৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা যোৰহাটৰ তিতাবৰৰ নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক আজি জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ আত্ম প্রতিষ্ঠা আৰু একত্ৰিত কৰাৰ ক্ষেত্ৰত আগ বঢ়োৱা জীৱন যোৰা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শ‍ইকীয়াই আজি তিতাবৰৰ ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ সভা কক্ষত আয়োজিত এটা অনুষ্ঠানত এই ব...

May 25, 2024 6:09 PM

views 73

ৰাজ্যৰ ভিন্নত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি

ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে। বৰপেটা সত্ৰত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানৰ আজি আইসকলৰ নামেৰে সামৰণি মৰা হয়। আনহাতে, সুন্দৰীদিয়া সত্ৰত তিনিদিনীয়াকৈ আয়োজিত কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি সত্ৰৰ দালান তথা মূল প্ৰৱেশ পথৰ সন্মুখৰ পৰা আজি এটা ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাই সমগ্ৰ সুন্দৰীদিয়া অঞ্চল পৰিভ্ৰমণ কৰে। আনহাতে, ইয়াৰ পূৰ্বে যোৱা নিশা আয়োজিত ধর্মালোচনা সভ...