ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা যোৰহাটৰ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক আজি জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ আত্ম প্রতিষ্ঠা আৰু একত্ৰিত কৰাৰ ক্ষেত্ৰত আগ বঢ়োৱা জীৱন যোৰা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই আজি তিতাবৰৰ ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ সভা কক্ষত আয়োজিত এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে পুঁজিৰে প্ৰকাশিত ড০ যোগেশ্বৰ বৰাৰ চীনৰ পৰা দৈয়াঙলৈ : ঠেঙ্গাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়।
Assamese | May 25, 2024 6:36 PM | Akashvani News | Assam | Local news
ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰঅৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান