June 13, 2024 6:21 PM

views 68

বৰপেটাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে বৰপেটা জিলাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। কৃষি মন্ত্ৰ্যালয়ৰ উপ-সচিব মণিসুন্দৰ বেনাৰ্জীয়ে আজি দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী পোষণ আঁচনিখনৰ ৰূপায়ণ সম্পর্কে বুজ লয়। তেওঁ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন পৰিৱেশনৰ ব্যৱস্থা, যোগান ধৰা খাদ্যৰ গুণগত মান আদি পৰ্যবেক্ষণ কৰে। ইয়াৰ লগতে তেওঁ শিক্ষানুষ্ঠানখনত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ডিজিটেল পুথিভঁৰালটো পৰিদৰ্শ...

June 13, 2024 6:10 PM

views 74

মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ অৱস্থাৰ বুজ আয়ুক্ত দেৱাশিষ শৰ্মাৰ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তাত থকা কয়দীসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়দীসকলৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে। তেওঁ বিশেষভাৱে জিলা কাৰাগাৰৰ আন্তঃগাঁথনি কয়দীসকলৰ থকা-খোৱাৰ ব্যৱস্থা শৌচাগাৰ আদি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ ভিতৰত থকা চিকিৎ‍সালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰো স্বাস্থ্যৰ বুজ লয়।

June 13, 2024 6:06 PM

views 66

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। জলসম্পদ, বন, লোকনিৰ্মাণ, আভ্যন্তৰীণ জল পৰিবহণ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, আবকাৰী, সমাজ কল্যাণ, সমবায়, নগৰ পানীযোগান, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে আ...

June 1, 2024 8:12 PM

views 74

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক সজাগতা সভা

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক মণ্ডলী আৰু জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত সম্পন্ন হোৱা এই সভাত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া মুখ্য বক্তা হিচাপে উপস্থিত থাকে।

June 1, 2024 8:04 PM

views 67

অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি কেইবাটাও সংগঠনে বহিৰাগত লবীৰ ষড়যন্ত্ৰৰ ফলত অ এন জি চিৰ অসম সম্পদক শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চল...

June 1, 2024 8:02 PM

views 62

ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি অভিযান চলাই ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা হেবোইন জব্দ কৰা হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আজি নুমলিগড় অঞ্চলৰ দৈগ্ৰঙৰ পৰা এটা আন্তৰাষ্ট্ৰীয় মাদক দ্রব্য সৰবৰাহকাৰী চক্র উৎখাত কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ৭০ টা চাবোনৰ বাকচত লুকুৱাই অনা ৮৫০ গ্ৰামৰো অধিক হেৰোইন জব্দ কৰিছে। জব্দ কৰা হেবোইনখিনিৰ মূল্য প্রায় ২ কোটি টকা বুলি জানিব পৰা গৈছে। হাইলাকান্দি আৰক্ষী আৰু চি আৰ পি এফে য...

June 1, 2024 6:42 PM

views 59

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সপ্তম প্রতিষ্ঠা দিৱস উদযাপন

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সপ্তম প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। এই অনুষ্ঠানত মাজুলী, কিছু অনালোচিত দিশ শীর্ষক বিষয়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য তথা ইতিহাসবিদ ড° ডম্বকধৰ নাথে বক্তৃতা দিয়ে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শীৰ্ষ গীতটি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক জাহ্নবী গগৈয়ে।

June 1, 2024 6:40 PM

views 58

গোলাঘাটৰ সৰুপথাৰ উৰিয়ামঘাটত দুটা পৰিয়ালৰ ৮ জন লোক বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ

গোলাঘাট জিলাৰ সৰুপথাৰ উৰিয়ামঘাটৰ দুটা পৰিয়ালৰ ৮ জন লোকে বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ হোৱাৰ ফলত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন লোককেইজনৰ এজনৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। 

June 1, 2024 2:39 PM

views 62

তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে

তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে। ভাৰতীয় তেল নিগম লিমিটেড অর্থাৎ আই অ' চি এল এ ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এতিয়াৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ এহেজাৰ ৬৭৪ টকাত ক্ৰয় কৰিব পাৰিব। সমান্তৰালভাৱে কলকাতাত প্ৰতিটো এল পি জি চিলিণ্ডাৰৰ মূল্য ৭২ টকা, মুম্বাইত ৬৯ টকা ৫৯ পইচা আৰু চেন্নাইত ৭০ টকা ৫০ পইচাকৈ হ্ৰাস পাইছে। এই পৰিশোধিত মূল্য আজিৰে পৰা প্ৰযোজ্য হ’ব।

June 1, 2024 2:13 PM

views 75

ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লগতে কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰত

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখাল আদিকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা বাজহ চক্ৰ অধীনস্থ ৫৬০খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে।...