June 18, 2024 8:22 PM

views 92

আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি

বিগত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটগ্রহণ কেন্দ্রসমূহ আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিসুতিটুপ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ প্ৰথম স্থানত আছে। একেটা সমষ্টিৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ দ্বিতীয় স্থানত আছে। আনহাতে মৰিগাঁও সমষ্টিৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ তৃতীয় স্থানত আছে। ইয়াৰ উপৰি মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ খলিহামাৰ...

June 18, 2024 5:36 PM

views 57

ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত

বিগত কিছু দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল প্লাবিত হৈছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত বৰষুণৰ ফলত বান পৰিস্থিতিৰ অবনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰ...

June 18, 2024 5:06 PM

views 72

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত এই পর্যন্ত ১৪খন জিলাৰ ১ লাখ লোক বানত ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক...

June 14, 2024 6:54 PM

views 77

মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী

প্রধানমন্ত্রী ফচল বীমা যোজনা আঁচনিখনৰ বিষয়ে কৃষক ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচী কেইটাত জিলা কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

June 14, 2024 6:31 PM

views 45

তিনিচুকীয়াৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ

তিনিচুকীয়া জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে আজি জিলাখনৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত বানপানীৰ সৈতে জড়িৰ বিভিন্ন দুৰ্যোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

June 13, 2024 7:17 PM

views 54

অসম আন্দোলনৰ অন্যতম নেত্রী, সমাজকর্মী নগাঁও চহৰৰ আমোলাপট্টি নিবাসী গায়ত্ৰী গায়নৰ দেহাৱসান

অসম আন্দোলনৰ অন্যতম নেত্রী, সমাজকর্মী নগাঁও চহৰৰ আমোলাপট্টি নিবাসী গায়ত্ৰী গায়নৰ আজি নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। নেত্ৰীগৰাকীৰ মৃত্যুত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মাকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্রকাশ কৰিছে।

June 13, 2024 7:03 PM

views 75

নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ বিচৰণৰ ফলত জনসাধাৰণৰ মাজত আতংক

গোলাঘাট জিলাৰ নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বিচৰণ কৰাৰ ফলত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে। হাতীৰ জাকটোৱে দিনৰ ভাগতে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লেটেকুজান চাহ বাগিচা, দৈগ্ৰোং চাহ বাগিচা আদিৰ মাজেৰে বিচৰণ কৰাৰ লগতে সন্ধিয়াৰ ভাগত কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰি বাসগৃহ আৰু খেতিপথাৰত উপদ্ৰৱ চলাই আহিছে। ইয়াৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হোৱাৰ লগতে খেতিপথাৰৰ শস্য হাতীৰ জাকটোৱে তহিলং কৰিছে। অঞ্চলটোৰ ৰাইজে শীঘ্ৰে বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

June 13, 2024 7:01 PM

views 69

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাটৰ চকলাটিং চাহ বাগিচাত সজাগতা সভা

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাট জিলাৰ চকলাটিং চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত শিশু শ্ৰমিকৰ সমস্যা আৰু আনুষংগিক বিপদসমূহৰ বিষয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে আলোচনা আগবঢ়ায়।

June 13, 2024 6:57 PM

views 62

চৰাইদেউত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ

চৰাইদেউ জিলাত কৃষি বিভাগৰ উদ্যোগত গাঁও পঞ্চায়তসমূহত মাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ চলি আছে। যিসকল কৃষকে পি এম কিষাণ প'ৰ্টেলত ই কে ৱাই চি সম্পন্ন কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ সংলগ্ন কৰা নাই, তেওঁলোকক ডাকঘৰৰ ইণ্ডিয়ান পোষ্ট পেইমেণ্ট বেংকত একাউণ্ট খুলিবলৈ বিভাগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। লগতে যিসকল কৃষকে পি এম কিষাণ প’ৰ্টেলত আধাৰ সংযুক্ত কৰা নাই তেওঁলোকক গ্রাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সংযুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য ...

June 13, 2024 6:54 PM

views 63

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াৰ বুজ লয়। তেওঁ বিশেষকৈ মোহনাঘাট, মাটিকটা, আইথান আৰু বগীবিলৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। খৰালী অহাৰ পূৰ্বেই খহনীয়া অব্যাহত হৈ থকা অঞ্চলসমূহত কেইবাখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আজি অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰমে নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ধেমাজি, জোনাই ভূমি সংৰক্ষণ সংমণ্ডলৰ অধীনত উত্তৰ নলবাৰী অঞ্চলত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম পৰিদৰ্শন কৰ...