জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াৰ বুজ লয়। তেওঁ বিশেষকৈ মোহনাঘাট, মাটিকটা, আইথান আৰু বগীবিলৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। খৰালী অহাৰ পূৰ্বেই খহনীয়া অব্যাহত হৈ থকা অঞ্চলসমূহত কেইবাখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আজি অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰমে নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ধেমাজি, জোনাই ভূমি সংৰক্ষণ সংমণ্ডলৰ অধীনত উত্তৰ নলবাৰী অঞ্চলত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ ৯৫ লাখ ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে।
Assamese | June 13, 2024 6:54 PM | Dibrugarh | Local news | Pijush Hazarika
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ