চৰাইদেউ জিলাত কৃষি বিভাগৰ উদ্যোগত গাঁও পঞ্চায়তসমূহত মাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ চলি আছে। যিসকল কৃষকে পি এম কিষাণ প’ৰ্টেলত ই কে ৱাই চি সম্পন্ন কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ সংলগ্ন কৰা নাই, তেওঁলোকক ডাকঘৰৰ ইণ্ডিয়ান পোষ্ট পেইমেণ্ট বেংকত একাউণ্ট খুলিবলৈ বিভাগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। লগতে যিসকল কৃষকে পি এম কিষাণ প’ৰ্টেলত আধাৰ সংযুক্ত কৰা নাই তেওঁলোকক গ্রাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সংযুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে।
উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুনত বাৰাণসীত পি এম কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰিব। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্রায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ’ব। এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ ১৭ লাখ ৫০ হাজাৰ কৃষকে মুঠ ৩৫০ কোটি টকা বেংক একাউণ্টযোগে লাভ কৰিব। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে ২০১৯ চনত পি এম কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে যোগ্য কৃষকক ছহেজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি ২ হাজাৰকৈ তিনিটা কিস্তিত হিতাধিকাৰীসকলক বেংক একাউণ্টযোগে প্রদান কৰা হয়। আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে ১১ কোটি কৃষক পৰিয়াল উপকৃত হৈছে।
Assamese | June 13, 2024 6:57 PM | Charaideo | Local news
চৰাইদেউত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ