July 4, 2024 9:13 PM

views 57

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও অধিবক্তাই আইন তিনিখন সন্দৰ্ভত ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি জিলাখনত নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বাবে থকা বিভিন্ন সুবিধা ...

July 4, 2024 2:57 PM

views 65

আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযান ৰূপায়ণ

■ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ ৭খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। নীতি আয়োগে আৰম্ভ কৰা এই অভিযান ৩০ ছেপ্তেম্বৰ পৰ্যন্ত...

June 28, 2024 6:28 PM

views 35

মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নডেল শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁও জিলা সমগ্ৰ শিক্ষা অভিযান আঁচনিৰ অধীনত আজিৰে পৰা মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নডেল শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ ৮জন প্ৰশিক্ষকে তিনি শতাধিক প্রাথমিক শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ তিনি-খলপীয়া পাঠদান সম্পৰ্কত এই প্ৰশিক্ষণ প্ৰদান কৰিছে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি সমগ্ৰ শিক্ষা অভিযানৰ প্ৰকল্প বিষয়া ৰুহিনী দত্তই তিনি-তৰপীয়া প্ৰশিক্ষণৰ জৰিয়তে শিক্ষকসকলে পাঠদানৰ সময়ত হাতত ল'বলগীয়া ব্যৱস্থাৱলী ব্যাখ্যা কৰে।

June 27, 2024 7:51 PM

views 63

দৰং জিলাৰ আয়ুক্তৰ সভাপতিত্বত জিলা পথ সুৰক্ষা সমিতিৰ সভা

দৰং জিলাৰ আয়ুক্তৰ সভাপতিত্বত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত বাৰিষাৰ বতৰত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ বিভিন্ন অঞ্চলৰ বাট-পথসমূহৰ মেৰামতিৰ প্ৰসঙ্গই স্থান লাভ কৰে। তদুপৰি বাৰিষাৰ বৰষুণে জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহত সৃষ্টি কৰা গাঁতসমূহ পূৰ কৰাৰ বাবে আয়ুক্তই সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। তদুপৰি যান-বাহনৰ চলাচল সম্পৰ্কীয় বিভিন্ন বিষয় বৈঠকত আলোচনা কৰা হয়। একেদৰে পথ সুৰক্ষা বৃদ্ধিৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা ল...

June 27, 2024 7:48 PM

views 75

যোৰহাট জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ

যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা কৰে। জিলাখনত আজি অনুষ্ঠিত অপৰাধ পর্যালোচনা বৈঠকত শান্তি শৃংখলা অটুট ৰাখিবলৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিগত মাহত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা আৰক্ষী কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

June 27, 2024 7:44 PM

views 53

ডিব্ৰুগড় নগৰত বিভিন্ন ঠাইত অবৈধভাৱে ঠাই দখল কৰি ব্যৱসায় চলোৱা দোকান-পোহাৰ উচ্ছেদ পৌৰনিগমৰ বিষয়াৰ

নৱগঠিত ডিব্ৰুগড় পৌৰনিগমৰ বিষয়াসকলে আজি নগৰখনৰ বিভিন্ন ঠাইত অভিযান চলাই অবৈধভাৱে ঠাই দখল কৰি ব্যৱসায় চলাই থকা দোকান-পোহাৰ উচ্ছেদ কৰে। জিলা আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত চলোৱা এই অভিযানত শান্তিপাৰাৰ সমীপৰ ৰ’টাৰী ৰোডৰ ফুটপাথটো বেদখল মুক্ত কৰে।

June 27, 2024 7:38 PM

views 78

ওদালগুৰিৰ বি টি আৰ পৰিষদীয় সমষ্টিত নৱনিৰ্মিত কেইবাখনো আঁচনিৰ কামৰ শুভাৰম্ভ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ

ওদালগুৰি জিলাৰ বি টি আৰ পৰিষদীয় সমষ্টিত নৱনিৰ্মিত কেইবাখনো আঁচনিৰ কাম আজি বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে শুভাৰম্ভ কৰে। বি টি আৰৰ পাঁচনৈ, চেৰফাং আৰু ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বাবে এই আঁচনিসমূহ সদস্যগৰাকীয়ে শুভাৰম্ভ কৰিছে। তেওঁ হাদাংগুৰি প্ৰাথমিক বিদ্যালয় চৌহদত এই উপলক্ষে আয়োজিত এখন সভাতো অংশগ্ৰহণ কৰে।

June 27, 2024 6:49 PM

views 79

নগাঁৱত অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিভিন্ন ৰাজ্যৰ লগতে অসমৰ নগাঁৱতো অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত হ’ব। ৬ দিনীয়াকৈ আয়োজন কৰা বিশেষ লোক আদালতত দ্রুত আপোচ আৰু বিবাদ নিষ্পত্তি, চূড়ান্ত আৰু কাৰ্যকৰী নিষ্পত্তি, কম খৰচত বিবাদ নিষ্পত্তি, আদালতৰ মাচুল ঘূৰাই দিয়া আদি বিষয়সমূহত গুৰুত্ব দিয়া হ’ব। এই সন্দৰ্ভত সবিশেষ তথ্য উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত উপলভ্য কৰা হ'ব।

June 25, 2024 8:38 PM

views 64

তামুলপুৰত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত তামুলপুৰত আয়োজিত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি পৰে। আয়োগৰ সদস্য সকলে নাৱালকক ন্যায়, শিশুৰ শিক্ষা, যৌন নির্যাতন ৰোধ কৰা, শিশু শ্রম বন্ধ কৰা, বাল্য বিবাহ বন্ধ কৰা তথা শিশুৰ সৈতে জড়তি অন্য বিষয় সমূহ আলোচনা কৰে। তদুপৰি এই শিবিৰত আধাৰ কাৰ্ড, আয়ুস্মান ভাৰত কাৰ্ড, বেংক একাউণ্ট আদি নথকা শিশু সকলক এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হয়। আজি শিবিৰত ৮১০ গৰাকী নাম পঞ্জীভূক্ত শিশুৰ ভিতৰত ৩৫০ গৰাকীৰ ওজৰ-আপ...

June 25, 2024 7:07 PM

views 74

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১০খন জিলাৰ ৬৩১ খন গাঁৱৰ এক লাখ ৭০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ১৩ হাজাৰতকৈও অধিক ক্ষতিগ্রস্ত লোকক সহায় কৰিবৰ বাবে ১০২টা আশ্রয় শিবিৰ আৰু ৩৮টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। বানত ২১ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে।