দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিভিন্ন ৰাজ্যৰ লগতে অসমৰ নগাঁৱতো অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত হ’ব। ৬ দিনীয়াকৈ আয়োজন কৰা বিশেষ লোক আদালতত দ্রুত আপোচ আৰু বিবাদ নিষ্পত্তি, চূড়ান্ত আৰু কাৰ্যকৰী নিষ্পত্তি, কম খৰচত বিবাদ নিষ্পত্তি, আদালতৰ মাচুল ঘূৰাই দিয়া আদি বিষয়সমূহত গুৰুত্ব দিয়া হ’ব। এই সন্দৰ্ভত সবিশেষ তথ্য উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত উপলভ্য কৰা হ’ব।
Assamese | June 27, 2024 6:49 PM | Local news | LOK ADALOT | Nagaon | NAGAON LOK ADALOT
নগাঁৱত অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত